চাৰিটা নতুন ভেৰিয়েণ্ট ভাৰতৰ বাবে বিপজ্জনক হ’ব পাৰে

0
1784
ভাৰতত কৰ’নাৰ সংক্ৰমণৰ হাৰ দিনক দিনে হ্ৰাস পাইছে যদিও ডেল্টা প্লাছ ভেৰিয়েণ্টে উদ্বেগৰ সৃষ্টি কৰিছে৷ ইয়াৰ মাজতে বিশেষজ্ঞসকলে এই বুলি সতৰ্ক কৰি দিয়ে যে ডেল্টা প্লাছৰ লগতে (B1.617.2.1 বা AY.1) চাৰিটা নতুন ভেৰিয়েণ্ট পোৱা গৈছে, যাৰ সংক্ৰমণৰ আশংকা অধিক৷ কৰ’নাৰ এই চাৰিটা ভেৰিয়েণ্টৰ ওপৰত চকু ৰাখিব লাগিব বুলি বিশেষজ্ঞসকলে কয়৷ এই ভেৰিয়েণ্ট কেইটা হ’ল B1.617.3, ডেল্টা ভেৰিয়েণ্ট (B.1.617.2), B.1.1.318 আৰু লেম্বডা (C.37)৷ কৰ’নাৰ কাপা ভেৰিয়েণ্টৰ ওপৰতো চকু ৰখাৰ প্ৰয়োজন৷ কিন্তু এই ৰূপৰ ভাইৰাছ ডেল্টা বা ডেল্টা প্লাছৰ তুলনাত কম সংক্ৰামক৷ ভাৰতত লেম্বডা ভেৰিয়েণ্টৰ সংক্ৰমণ হোৱা কোনো ৰোগীক এই পৰ্যন্ত চিনাক্ত কৰা হোৱা নাই৷ কিন্তু এই ভেৰিয়েণ্ট দ্ৰুত গতিত ইখনৰ পৰা সিখন দেশলৈ সংক্ৰমিত হৈছে৷ বিশেষজ্ঞসকলৰ মতে, বিমানৰ আন্তঃৰাষ্ট্ৰীয় উৰণত সতৰ্ক নহ’লে ইয়াৰ ফলত লেম্বডাসহ নতুন ভেৰিয়েণ্ট ভাৰতলৈ আহিব পাৰে৷ সেয়েহে কৰ’নাৰ নতুন ৰূপক চিনাক্ত কৰিবলৈ অধিক জিনম চিকুৱেঞ্চিঙৰ প্ৰয়োজন৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here