ডায়েবেটিছ ৰোগীৰ বাবে আশীৰ্বাদস্বৰূপ এইবিধ পাচলি

0
306

 তিতা কেৰেলা বহুতেই খাবলৈ বেয়া পায়৷ তিতা কেৰেলা বুলিলে নাক কোঁচোৱা মানুহৰ সংখ্যা সৰহ৷ অৱশ্যে আজিকালি ইয়াৰ গুণাগুণৰ বিষয়ে জনাৰ পাছত ইয়াক খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ লৈছে৷ তিতা কেৰেলাৰ খাদ্যগুণৰ বিষয়ে জানিলে আপুনিও অবাক হ’ব৷ আনহাতে বেছিভাগ লোকে তিতা কেৰেলাৰ খাই ইয়াৰ গুটিবোৰ পেলাই দিয়ে৷ এতিয়াৰ পৰা এনে ভুল কাম নকৰিব৷ কিয়নো তিতা কেৰেলা যেনেদৰে উপকাৰী, একেদৰে ইয়াৰ গুটিবোৰে স্বাস্থ্যৰ বাবে অতি উপকাৰী৷
তিতা কেৰেলাত ভিটামিন-এ, ভিটামিন-চি, জিংক, ফলেট এচিড আদি প্ৰচুৰ পৰিমাণে পোৱা যায়৷ এটা গুৰুত্বপূৰ্ণ কথা যে যিসকলৰ ডায়েবেটিছ ৰোগী আছে, তেওঁলোকৰ বাবে তিতা কেৰেলা মহৌষধ হিচাপে কাম কৰে৷ তিতা কেৰেলাই ডায়েবেটিছ ৰোগীসকলৰ বাবে ৰামবাণ হিচাপে কাম কৰে৷
তিতা কেৰেলা গুটি খালে খালে ই শৰীৰত একপ্ৰকাৰৰ ৰুক্ষতা হিচাপে কাম কৰে৷ যাৰ ফলত আমাৰ শৰীৰৰ মেটাবলিজম সঠিক হৈ থাকে৷ সেয়েহে ডায়েবেটিছ ৰোগীৰ বাবে তিতা কেৰেলা অতি উত্তম পাচলি৷
তিতা কেৰেলাই শৰীৰত কলেষ্টৰেলৰ মাত্ৰা হ্ৰাস কৰে৷ ডায়েবেটিছত আক্ৰান্ত লোকৰ কলেষ্টৰেলৰ পৰিমাণ অধিক হোৱাৰ বাবে ৰোগৰ আশংকা বৃদ্ধি হয়৷ এনে সময়ত তিতা কেৰেলা গুটিৰ সৈতে খালে সুফল পোৱা যায়৷
তিতা কেৰেলাত যথেষ্ট পৰিমাণে আইৰন, মেগনেচিয়াম, পটাচিয়াম, ভিটামিন-চি, ফাইবাৰ পোৱা যায়৷ যিয়ে আপোনাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই তোলে৷ ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কবিলৈ তিতা কেৰেলা খোৱা উচিত৷
আনহাতে তিতা কেৰেলাৰ গুটিবোৰ ৰ’দত শুকুৱাই পাউডাৰ কৰি লওক৷ দৈনিক গৰম পানীৰ সৈতে এই পাউডাৰ সেৱন কৰিলে পেট চাফা কৰি ৰখাৰ লগতে পেটৰ বিভিন্ন সমস্যা নোহোৱা কৰিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here