জিভাৰ পৰিচৰ্যা কৰেনে ! কিদৰে জিভাৰ যতন ল’ব ?

0
242

শৰীৰৰ অত্যাৱশ্যকীয় অংগসমূহক ভিতৰত জিভাখন অন্যতম৷ জিভাখনৰ সহায়ত খোৱাবস্তুৰ সোৱাদ লোৱাৰ লগতে খাদ্যবস্তু পাখোলোতে সহায় কৰে৷ সাধাৰণতে জিভাৰ ৰং গুলপীয়া যদিও বিভিন্ন কাৰণত প্ৰায়েই জিভাখন ঢেলঢেলীয়া বগা ৰঙৰ হোৱা দেখা যায়৷ জিভাখন কেতিয়াবা বগা স্তৰ হোৱাৰ লগতে ক’লা ৰঙৰ দাগ পৰা দেখা যায়৷ মৃত কোষ, বেক্টেৰিয়া, জিভাখন ভালদৰে পৰিষ্কাৰ নকৰাৰ ফলতে এনেবোৰ বিসংগতি দেখা যায়৷ জিভাখন সদায় যদি পৰিষ্কাৰ কৰা নাযায়, তেনেহ’লে জিভাত খোৱা খাদ্য জমা হৈ বেক্টেৰিয়াৰ সৃষ্টি হয়৷ এইধৰণে বেক্টেৰিয়াই জিভাখনৰ ছালত ইনফেক্‌শ্যন কৰি মুখৰ দুৰ্গন্ধ ওলায়৷ কিছুমান নিয়ম মানি চলিলে এইধৰণৰ সমস্যা কেতিয়াও নহয়৷ 
এলোভেৰা :- জিভাৰ বগা স্তৰ নোহোৱা কৰিবলৈ এক কাপ পানীৰ সৈতে এক চামুচ এলোভেৰাৰ ৰসৰ মিশ্ৰণ মুখত ল’ব লাগে৷ কেইমিনিটমান ৰখাৰ পাছত কুলুকুলু কৰি ভালদৰে ধুই দিব লাগে৷ এলোভেৰাত থকা এণ্টি মাইক্ৰ’বিয়েল আৰু প্ৰদাহৰোধী উপাদানে জিভাৰ ক’লা দাগ নাইকিয়া কৰে৷
হালধি :- হালধিত এণ্টিবেক্টেৰিয়েল আৰু এণ্টিফাংগেল উপাদান পোৱা যায়৷ হালধি স্বাস্থ্যৰ পক্ষে যথেষ্ট উপকাৰী হোৱাৰ উপৰি জিভাখন পৰিষ্কাৰকৈ ৰখাত সহায় কৰে৷ হালধিৰ সৈতে অলপ নেমুৰ ৰস মিহলাই জিভাখন ঘঁহি দিব লাগে৷ কিছু সময়ৰ পাছত ভালদৰে ধুই দিব লাগে৷ এনে কৰিলে জিভাৰ প্ৰকৃত ৰং ঘূৰি আহে, মুখৰ দুৰ্গন্ধ নোহোৱা কৰে আৰু জিভাখনক বেক্টেৰিয়াৰ আক্ৰমণৰ পৰা ৰক্ষা কৰে৷
বেকিং ছ’ডা :- নেমুৰ ৰসৰ সৈতে বেকিং ছ’ডা মিহলাই জিভাখন লগাব লাগে৷ এয়ে জিভাখনৰ দাগ নাইকিয়া কৰে৷ জিভা পৰিষ্কাৰ কৰাৰ কাৰণে বেকিং ছ’ডা এবিধ প্ৰাকৃতিক স্ক্ৰাব৷
নহৰু :- নহৰুত এণ্টিফাংগেল উপাদান পোৱা যায়৷ মুখত হোৱা বেক্টেৰিয়াত আক্ৰমণ নহৰুৱে দূৰ কৰিব পাৰে৷ নহৰু জিভা পৰিষ্কাৰ কৰাৰ বাবে এটা বিকল্প হিচাপে কাম কৰে৷ জিভাত পৰা বগা স্তৰ নোহোৱা কৰিবলৈ দিনে ২-৩টা কেঁচা নহৰু খাব লাগে৷ লগতে নহৰুই মুখৰ দুৰ্গন্ধ আৰু সংক্ৰমণ ৰোধ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here