জলবায়ু পৰিৱৰ্তন কাৰ্যসাধন সূচকাংকত ভাৰতৰ স্থান কিমান ?

0
341

জলবায়ু পৰিৱৰ্তন কাৰ্যসাধন সূচকাংক [চি চি পি আই] ২০২৩-ত ভাৰতে দুটা স্থানৰ উন্নতি কৰি ৬৩খন দেশৰ ভিতৰত অষ্টম স্থান পায়৷ ভাৰতৰ নিৰ্গমন নিম্ন হোৱা তথা পুনৰনবীকৰণ শক্তি বৃদ্ধি পোৱাৰ বাবে সূচকাংকত স্থানৰ উন্নতি ঘটিছে৷ ইউৰোপিয়ান ইউনিয়ন আৰু ৫৯খন দেশৰ জলবায়ু সম্পৰ্কীয় কাৰ্যসাধনৰ জৰীপ চলোৱা তিনিটা বেচৰকাৰী পৰিৱেশ সংগঠনে এই প্ৰতিবেদন প্ৰকাশ কৰে৷ চি চি পি আইত ১৪টা সূচকেৰে চাৰিটা শাখাত লক্ষ্য কৰা হয়৷ সেইকেইটা হৈছে সেউজগৃহ গেছ নিৰ্গমন, পুনৰনবীকৰণ শক্তি, শক্তিৰ ব্যৱহাৰ আৰু জলবায়ু নীতি৷ এই প্ৰতিবেদনত প্ৰথম তিনিটা স্থান খালী ৰখা হৈছে৷ আনহাতে ১৩ স্থানৰ পতন ঘটি চীন আছে ৫১সংখ্যক স্থানত৷ তিনিটা স্থানৰ উন্নতি ঘটি আমেৰিকা আছে ৫২সংখ্যক স্থানত৷ আটাইতকৈ নিম্ন স্থানত আছে ইৰান ৬৩ সংখ্যক, ছৌডি আৰব ৬২ সংখ্যক আৰু কাজাখস্তান ৬৩ সংখ্যক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here