মুখত ঘা হৈছে নেকি ? এই চাৰিটা উপায় লওক

0
426

আমাৰ সাধাৰণতে প্ৰায়ে কিছুমানৰ মুখত ঘা লগা দেখা যায়৷ এনে অৱস্থাত মুখেৰে খাদ্য খোৱাৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা যায়৷ কেতিয়াবা জুলীয়া খাদ্য সেৱন কৰাৰ বাহিৰে আন গত্যন্তৰ নাথাকে৷ এনে সময়ত মুখৰ ভিতৰত বিষ অনুভৱ হয়, অসহ্য জ্বলন হয়৷ দাঁত ব্ৰাছ কৰাৰ ক্ষেত্ৰত সমস্যাই দেখা দিয়ে৷ এনে সমস্যা হ’ল কিছুমান ঘৰুৱা উপায়েৰে সহজে সুফল লাভ কৰিব পাৰি৷ জানো আহক মুখত ঘা হ’লে ঘৰুৱাভাৱে কিদৰে পৰিত্ৰাণ পাব৷
সামান্য পৰিমাণে বেকিং ছ’ডা অলপ পানীৰ মিহলাই ল’ব৷ এই মিশ্ৰণটো মুখৰ ঘা হোৱাৰ স্থানত লগাই দিব৷ কিছু সময় পাছত মিশ্ৰণটো শুকাই গ’লে পানীৰে গাৰ্গল কৰি দিব৷ এইদৰে তিনিবাৰমান কৰিব৷ বেকিং ছ’ডা হ’ল ছডিয়াম বাইকাৰ্বনেট নামৰ এক ৰাসায়নিক যৌগ৷ এই যৌগই মুখৰ আলচাৰ কমোৱাত সহায় কৰাৰ লগতে মুখৰ বিষ, জ্বলন-পোৰণৰ সমস্যা নোহোৱা কৰে৷
মুখৰ ঘা নিৰাময়ৰ বাবে নাৰিকল তেল অতি উত্তম৷ ঘা হোৱা অংশত নাৰিকলৰ তেল লগালে সহজে মুখৰ ঘাৰ পৰা পৰিত্ৰাণ পাব পাৰি৷
মৌত থকা শক্তিশালী এণ্টি বেক্টেৰিয়েল আৰু এণ্টি ইনফ্লেমেটৰি গুণে মুখৰ ঘা নিমিষতে নোহোৱা কৰিব পাৰে৷ মুখৰ ঘা হোৱা অংশত আঙুলিৰে মৌ লগাই কিছু সময় তেনেদৰে ৰাখিব৷ দেখিব আপোনাৰ মুখৰ ঘাৰ পৰা সকাহ পাইছে৷
এগিলাচ কুহুমীয়া গৰম পানীৰ সৈতে অলপ নিমখ মিহলাই মুখখন ভালদৰে গাৰ্গল কৰক৷ এইদৰে দিনটোত কমেও তিনি-চাৰিবাৰ মান কৰিলে মুখৰ ঘা দূৰ হোৱাৰ লগতে বিষ, জ্বলনৰ সমস্যা নোহোৱা হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here