জন্মতে তেওঁ‌ ল’ৰা আছিল, কিন্তু এই কথা গোপনে ৰাখিছিল।

0
7262

২৯ অাগষ্ট, ২০২০, স্বাস্থ্যবাৰ্তাঃ মণিপুৰত জন্ম। জন্মতে তেওঁ‌ ল’ৰা আছিল। ল’ৰা হিচাপেই চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তি কৰাইছিল। কিন্তু দেহৰ গঠন আছিল ছোৱালীৰ লেখীয়া। চিকিৎসা বিজ্ঞান এম বি বি এছৰ তৃতীয় বৰ্ষ পৰ্যন্ত তেওঁ‌ যে আচলতে ল’ৰা নহয়- এই কথা গোপনে ৰাখিছিল। পিছত তেওঁ‌ পুডুচেৰীলৈ গৈ অস্ত্ৰোপচাৰ কৰি লিংগ পৰিবৰ্তন কৰে। প্ৰথম অৱস্থাত বহুলোকে তেওঁ‌ক সহজভাৱে লোৱা নাছিল যদিও পিছলৈ সকলোৱে তেওঁ‌ক আকোৱালি লয়। তেৱেই হ’ল তৃতীয় লিংগৰ মহিলা চিকিৎসক বেয়েন্স লাইশ্ৰাম।

মণিপুৰ চৰকাৰে তৃতীয় লিংগৰ ব্যক্তিসকলৰ বাবে স্থাপন কৰিছে পৃথক ক’ভিড কেয়াৰ চেণ্টাৰ বা চি চি চি। ৰাজধানী ইম্ফলত স্থাপন কৰা ছিজা চি চি চিৰ লগতে নিকটৱৰ্তী অন্যান্য চিকিৎসালয়ত ক’ৰোনাৰ চিকিৎসাত ব্যস্ত বেয়েন্সী লাইশ্ৰাম এতিয়া সৰ্বজনচৰ্চিত নাম হৈ পৰিছে। কৰ্তব্য পালনৰ সময়ত তেওঁ‌ সকলোস্তৰৰ সহযোগী ও কৰ্মীৰ পৰা সকলো সহযোগিতা লাভ কৰা বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে। উল্লেখ্য যে বেয়েন্সী লাইশ্ৰাম হ’ল উত্তৰ-পূৱৰ প্ৰথমগৰাকী লিংগ পৰিবৰ্তিত চিকিৎসক।

LEAVE A REPLY

Please enter your comment!
Please enter your name here