ছিৰামে ছেপ্টেম্বৰত আৰম্ভ কৰিব Sputnik V ৰ উৎপাদন

0
1595
পুনেস্থিত Serum Institute of Indiaই কৰ’না ভাইৰাছৰ ভেক্‌চিন স্পুট্‌নিক  ভি (Sputnik V)ৰ উৎপাদন ছেপ্টেম্বৰত আৰম্ভ কৰিব৷ Russian Direct Investment Fund চমুকৈ RDIFৰ মুখ্য কাৰ্যবাহী বিষয়া কিৰিল ডিমিট্ৰিয়েভে এই কথা জনাইছে৷ সংবাদ মাধ্যমৰ বাতৰি মতে বিশ্বৰ সৰ্ববৃহৎ ভেক্‌চিন উৎপাদনকাৰী ছিৰামে বছৰি ৩০ কোটি পালি ভেক্‌চিন উৎপাদন কৰিবৰ বাবে চুক্তিবদ্ধ হৈছে৷ মুখ্য কাৰ্যবাহী বিষয়াজনে আৰু জনায় যে কাৰিকৰী হস্তান্তৰ প্ৰক্ৰিয়াৰ ৰূপত ছিৰামক ইতিমধ্যে ৰাছিয়াৰ গামালেয়া কেন্দ্ৰৰ পৰা কোষ আৰু ৰোগ পৰিবাহকৰ নমুনা দিয়া হৈছে৷ Drugs Controller General of Indiaৰ দ্বাৰা আমদানিৰ অনুমোদন লাভ কৰাৰ লগে লগে প্ৰাথমিক প্ৰক্ৰিয়া আৰম্ভ হৈছে৷ ইয়াৰ আগতে গামালেয়া প্ৰতিষ্ঠানে জনাইছিল যে এই ভেক্‌চিন কৰ’না ভাইৰাছৰ সকলোপ্ৰকাৰৰ ভেৰিয়েণ্টৰ বিৰুদ্ধে কাৰ্যশীল৷ ইফালে ৰাছিয়ান উৎপাদনকাৰীৰ সৈতে এই ভেক্‌চিন ভাৰতত বিতৰণ আৰু স্থানীয়ভাৱে উৎপাদন কৰিবলৈ প্ৰথমতে এখন চুক্তিত স্বাক্ষৰ কৰা হায়দৰাবাদস্থিত ডাঃ ৰেড্ডীজ লেবৰেটৰীয়ে দেশৰ ৫০খন মহানগৰত এই ভেক্‌চিন কম পৰিমাণে বিতৰণ আৰম্ভ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here