গৱেষণা : ধূমপানে মস্তিষ্ক সংকুচিত কৰে

0
48


ধূমপানে কেৱল হৎপিণ্ড আৰু হাওঁফাওঁৰে ক্ষতি নকৰে, মানুহৰ মগজুৰো ক্ষতি কৰে৷ শেহতীয়াকৈ কৰা এটা অধ্যয়নৰ পৰা এই কথা জানিব পৰা গৈছে৷ বায়’লজিকেল চাইকিয়াট্ৰি ঃ গ্ল’বেল অ’পেন ছায়েন্স নামৰ জাৰ্নেলখনত প্ৰকাশিত এই অধ্যয়নটোৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ধূমপান কৰাৰ ফলত মানুহৰ মগজু সংকুচিত হ’বলৈ ধৰে৷ ইয়াত লগতে এই কথাও কোৱা হৈছে যে ধূমপানৰ অভ্যাস ত্যাগ কৰিলে মগজুৰ কলাসমূহক অধিক ক্ষতিৰ পৰা ৰক্ষা কৰিব পাৰি, কিন্তু মগজুৰ আগতেই হোৱা ক্ষতিৰ পৰা মূল আকাৰলৈ উভতি নাহে৷ অধ্যয়নটোত ধূমপান কৰা লোকৰ বয়স সম্পৰ্কীয় মানসিক বিকাশ বাধাগ্ৰস্ত হোৱা আৰু আলঝেইমাৰ ৰোগ হোৱাৰ আশংকা কিয় অধিক বৃদ্ধি পায় সেই বিষয়ে জানিবলৈ চেষ্টা কৰা হৈছিল৷ ৱাশ্বিংটন ইউনিভাৰ্ছিটি স্কুল অব্‌ মেডিচিনৰ গৱেষকসকলে কয় যে যিহেতু বয়সৰ লগে লগে মানুহৰ মগজুৰ আকাৰ স্বাভাৱিক অৱস্থাতকৈ সৰু হৈ পৰে, সেয়েহে ধূমপানে মগজুক সময়ৰ আগতেই বুঢ়া কৰি পেলায়৷ বিশ্ববিদ্যালয়খনৰ মনোৰোগ চিকিৎসাৰ অধ্যাপক ল’ৰা জে বেৰুতে কয়, ‘অলপ দিনৰ আগলৈকে বৈজ্ঞানিকসকলে মগজুত ধূমপানৰ প্ৰভাৱৰ বিষয়টো উলাই কৰি আহিছিল৷ আমি সকলোৱে ধূমপানে হৃৎপিণ্ড আৰু হাওঁফাওঁত পেলোৱা প্ৰভাৱৰ প্ৰতিহে অধিক গুৰুত্ব আৰোপ কৰি আহিছোঁ৷ কিন্তু লাহে লাহে আমি মগজুত ধূমপানে পেলোৱা প্ৰভাৱৰ বিষয়ে অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিলোঁ আৰু তেতিয়া এই কথা স্পষ্ট হৈ পৰিল যে ধূমপান প্ৰকৃততে মগজুৰ কাৰণে বেয়া৷’ এই অধ্যয়নটোত গৱেষকসকলে ৩২,০৯৪জন লোকৰ ধূমপানৰ ইতিহাস আৰু ধূমপানৰ আনুবংশিক প্ৰভাৱৰ বিষয়ে অধ্যয়ন কৰিছিল৷ ইয়াৰ উপৰি ধূমপান আৰু মস্তিষ্কৰ আয়তনৰ মাজত সম্পৰ্কটো নিৰ্ভৰ কৰে এজন ব্যক্তিয়ে দিনটোত কিমান ধূমপান কৰে সেইটোৰ ওপৰত৷ এজন ব্যক্তিয়ে প্ৰতিদিনে যিমানেই অধিক ধূমপান কৰিব, সিমানেই তেওঁৰ মস্তিষ্ক সংকুচিত হ’বলৈ আৰম্ভ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here