গোল নেমু : ওজন হ্ৰাসৰ পৰা আৰম্ভ কৰি সৌন্দৰ্যচৰ্চালৈ

0
1084


প্ৰচুৰ পৰিমাণৰ ভিটামিন-C যুক্ত গোল নেমু সকলোৰে পৰিচিত৷ আমিষেই হওক বা নিৰামিষেই হওক– প্ৰত্যেকটো সাঁজতে নেমুৰ স্থান অপৰিহাৰ্য৷ দাইল বা আঞ্জাত চেপি খোৱাৰ উপৰিও নেমুৰ চৰবত, নেমুৰ আচাৰ আদি বিভিন্ন ৰূপত নেমু সেৱন কৰা হয়। ৰাতিপুৱা খালী পেটত এগিলাচ গৰম পানীত গোল নেমুৰ ৰস মিহলাই খালে মেদবহুলতাৰ সমস্যা কমে৷ গোল নেমুৰ আৰু কি কি উপকাৰিতা আছে জানো আহক৷

[১] দৈনিক একোটাকৈ গোল নেমুুৰ ৰস খালে তেজ পৰিষ্কাৰ হোৱাৰ লগতে বদহজম, এচিডিটি, গেছ আদিৰ পৰাও ৰক্ষা পাব পাৰি৷


[২] ভাতৰ লগত বা ভাত খোৱাৰ পাছত গোল নেমুৰ ৰস তিনি চামুচমানকৈ খালে শৰীৰত জমা হোৱা অতিৰিক্ত চৰ্বি কমিবলৈ ধৰে৷

Weight Loss: Can lemon water really help lose weight? (We tell you the truth) | The Times of India


[৩] মুখৰ ভিতৰত ঘা হ’লে গোল নেমুৰ ৰসত ঠাণ্ডা পানী মিহলি কৰি মুখ কুলকুলিয়াব লাগে৷

Advantages and disadvantages of applying lemon to hair - informalnewz


[8] গোল নেমুৰ ৰসৰ লগত আমলখিৰ ৰস মিহলাই চুলিত সানিলে চুলি সৰা আৰু অকালতে চুলি পকা বন্ধ হয়৷


[৫] গোল নেমুৰ ৰস চকুৰ কোণত দিলে চকুৰ উজ্জ্বলতা বৃদ্ধি হয়৷


[৬] এবাল্টি পানীত দুটা গোল নেমুৰ ৰস মিহলাই দৈনিক গা ধুলে ছালৰ উজ্জ্বলতা বৃদ্ধি পায়৷

Amazing Lemon Peel Benefits And It's Uses For Skin, Face And Health


[৭] ছালৰ যিকোনো সমস্যা, খজুৱতি হ’লে গোল নেমুৰ ৰসৰ লগত নাৰিকল তেল মিশ্ৰণ কৰি লগালে সুফল পোৱা যায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here