কোনবিধ গ্ৰীন টীত আছে এণ্টি ডায়েবেটিছ আৰু এণ্টি মাইক্ৰ’বিয়েল

0
452

চাহ বিশেষজ্ঞৰ গৱেষণাত ওলাল এবিধ সতেজ চাহৰ বিশেষ গুণাগুণ৷ গোগামুখৰ ওখমাটি নাহৰবাৰী কছাৰী গাঁওস্থিত মহেশ্বৰী ক্ষুদ্ৰ অৰ্গেনিক চাহ বাগিচাৰ চাহৰ পৰীক্ষা-নিৰীক্ষাৰ অন্তত সফলতা লাভ কৰিলে বাগিচাখনে৷ 
এই গ্ৰীন টীত আছে এণ্টি ডায়েবেটিছ আৰু এণ্টি মাইক্ৰ’বিয়েল৷ যোৰহাটৰ টোকলাই চাহ গৱেষণা কেন্দ্ৰৰ মতে ২৩ শতাংশ অধিক Polyphenols যুক্ত গুণসম্পন্ন গ্ৰীন টী আৰু ব্লেক টী৷ ইয়াৰ লগত জড়িত হৈ আছে ধেমাজিৰ এজন অৱসৰপ্ৰাপ্ত এ চি এছ বিষয়া নৱ কুমাৰ ডেকা বৰুৱা৷ 
 ৫০ বিঘাৰ এই চাহ খেতিত ব্যৱহাৰ সম্পূৰ্ণৰূপে অৰ্গেনিক৷ উল্লেখ্য যে এই বাগিচাখনৰ স্বত্বাধিকাৰী নৱ কুমাৰ ডেকা বৰুৱাই ২০১৯ চনতে ষ্টেট ড্ৰাগ্‌ছ ট্ৰেষ্টিং লেবৰেটৰী, ফুড ট্ৰেষ্টিং লেবৰেটৰী আদিত এই অৰ্গেনিক চাহৰ ওপৰত পৰীক্ষা চলাবলৈ চাহ বিশেষজ্ঞ তথা বিজ্ঞানাগাৰলৈ চাহৰ নমুনা প্ৰেৰণ কৰিছিল৷ তাৰ পাছতে চৰকাৰী আয়ুৰ্বেদিক কলেজৰ ড॰ অনুপ বৈশ্যৰ নেতৃত্বত বিজ্ঞানী ড॰ ধ্ৰুৱজ্যোতি শৰ্মাই এই চাহ সফলতাৰে গৱেষণা কৰি উলিয়াইছিল৷ 
একেদৰে মানুহে খোৱাৰ উপৰি জন্তুৰ ওপৰত গৱেষণা কৰিছিল নেমকেয়াৰ গ্ৰnপ অব্‌ ইনষ্টিটিউটৰ ড॰ ভাৰ্গৱজ্যোতি চহৰীয়া, ড॰ নীলোৎপল শৰ্মা বৰা, ড॰ লক্ষ্যজিৎ নাথ, ড॰ সমীৰণ গামে৷
 ইয়াৰ পাছতে আনুষ্ঠানিক স্বীকৃতি লাভ কৰিছে মহেশ্বৰী ক্ষুদ্ৰ চাহ বাগিচাই৷ এই সফলতাৰ খবৰে অনুপ্ৰাণিত কৰিছে ধেমাজিৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলক৷ মহেশ্বৰী ক্ষুদ্ৰ চাহ বাগিচা সম্পূৰ্ণ অৰ্গেনিক আৰু নিজ হাতে প্ৰস্তুত কৰা এখন চাহ বাগিচা৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here