কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক এইমছত ভৰ্তি

0
2297

নিউজ হেলথ্ প্লাচ,স্বাস্থ্যবাৰ্তাঃ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ যোৱাৰাতি প্ৰায় ২ বজাত নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিস্থানত ভৰ্তি হয়। ৫৫ বছৰীয়া বৰ্ষীয়ান ৰাজনৈতিক নেতাগৰাকী প্ৰায় ২ সপ্তাহ আগতে ক’ৰোনাত আক্ৰান্ত বুলি ধৰা পৰিছিল। লগে লগে তেওঁক গুৰুগ্ৰামৰ মেডান্ত হাস্পিতালত চিকিৎসা প্ৰদান কৰা হৈছিল। কিছুদিনৰ মুৰত সুস্থ হোৱাৰ পিছত তেওঁ‌ গৃহ-নিলগীকৰণত আছিল। কিন্তু যোৱাৰাতি ভাগৰুৱা অনুভৱ কৰা আৰু তীব্ৰ গাৰ বিষ অনুভৱ কৰা বাবে ততাতৈয়াকৈ এইমছ, নতুন দিল্লীত ভৰ্তি কৰোৱা হয়। বৰ্তমান তেওঁৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে। এইমছ, নতুন দিল্লীৰ সঞ্চালক ৰাজদ্বীপ গুলেৰিয়াই গৃহমন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ অৱস্থাৰ তত্বাৱধান কৰি আছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here