News Health Plus-ৰ আহবান : কভিড বিধি মানিহে দুৰ্গা পূজা উপভোগ কৰক (News Health Plus’s appeal: Enjoy Durga Puja by following Covid protocol)

0
1181

এতিয়া শৰৎ ঋতুৰ আগমনত যেন চৌদিশে ফৰকাল৷ চাৰিওফালে কেৱল শৰতৰ অপৰূপ মায়াময় আয়োজন৷ শেৱালিৰ আমোলমাল গোন্ধ, আহিনৰ পথাৰত সোণালী ধাননিৰ উচাহভৰা সুকোমল হাঁহি, কোমল কঁহুৱাই হালি-জালি যেন শৰৎ অহাৰে বতৰা দিয়ে৷ ধৰিত্ৰীৰ কোলাত প্ৰকৃতিয়ে সৃষ্টি কৰে এক অন্য পৰিৱেশৰ৷ এই সময়তে নানা পূজাৰ আয়োজন চলে৷ সেয়ে ধৰাৰ বুকুত মহালয়াৰ পৱিত্ৰ ক্ষণত মহিষমৰ্দিনীৰ দেৱী দুৰ্গাক পূজা-অৰ্চনাৰে সন্তুষ্ট কৰিবলৈ ভক্তপ্ৰাণ ৰাইজ সাজু হৈছে৷ আজি দেৱীৰ মহাষষ্ঠী পূজা৷ মা দুৰ্গাক প্ৰতিমা পূজাৰ বেদীত প্ৰতিষ্ঠা কৰা হ’ব ষষ্ঠীৰ দিনা৷ পূজাথলীত শংখ-ঘণ্টা, আয়তীৰ উৰুলি, পুৰোহিতৰ মস্ত্ৰোচ্ছাৰণ ‘যা দেৱী সৰ্বভূতেষু মাতৃৰূপেণ সংস্থিতা, নমস্তসৈ নমস্তসৈ নমস্তসৈ নমো নমঃ’ আদিয়ে মন-প্ৰাণ শাঁত পেলায়৷ চৌদিশে যেন এক আনন্দমুখৰ পৰিৱেশ, উছৱমুখৰ পৰিৱেশ৷ এনেকৈয়ে পালিত হয় শাৰদীয় দুৰ্গোৎসৱ৷

White Flowers - OGQ Backgrounds HD


ইফালে পূজা কমিটীসমূহৰো পূজা আয়োজনৰ বাবে প্ৰস্তুতি প্ৰায় শেষ৷ আকৰ্ষণীয় হৈ উঠিছে পূজাথলী৷ ৰাজ্যত দুৰ্গা পূজা আয়োজনৰ বাবে সকলো পূজা কমিটীয়ে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে৷ আনহাতে কৰ’না মহামাৰী সম্পূৰ্ণ নিৰ্মূল নোহোৱা হেতু পূজা আয়োজনত যোৱা বছৰৰ দৰে এইবাৰো কিছু নীতি-নিয়মৰ মাজেৰে পূজা আয়োজনৰ দিহা কৰিছে৷ কভিডজনিত পৰিস্থিতিৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰা কভিড বিধি অনুসৰি এইবাৰৰ পূজা আয়োজন হ’ব৷ চৰকাৰে ইতিমধ্যে দুৰ্গা পূজাৰ ক্ষেত্ৰত সুকীয়াভাৱে কভিড বিধি জাৰি কৰিছে আৰু সেই নীতি-নিয়মবোৰ মানি লৈহে পূজা আয়োজনৰ বাবে পূজা কমিটীসমূহক অনুমতি প্ৰদান কৰা হৈছে৷ কিয়নো যিহেতু কৰ’না ভাইৰাছৰ সংক্ৰমণ এতিয়াও চলি আছে, সমূলি নিৰ্মূল হোৱা নাই৷ গতিকে অতি সাৱধানতাৰে চলাটো অত্যন্ত জৰুৰী৷ সেয়েহে আমিও সকলো অসমবাসী ৰাইজলৈ এটাই অনুৰোধ– আপোনালোকে চৰকাৰে বান্ধি দিয়া কভিড প্ৰট’কল মানি পূজা উপভোগ কৰক৷ পূজাথলীলৈ যাওঁতে সামাজিক দূৰত্ব মানি চলিব, মুখত মাস্ক পিন্ধক, ছেনিটাইজাৰ ব্যৱহাৰ কৰিব, পূজা মণ্ডলত অনাৱশ্যক ভিৰ নকৰিব৷ কভিড বিধি নামানি পুনৰ আৰু এবাৰ কৰ’নাক আমন্ত্ৰণ কৰাটো কাৰো কাম্য নহয়৷ ইতিমধ্যে কভিডৰ ফলত ৰাজ্যখনৰ বিধবস্তপ্ৰায় অৱস্থা, বিগত দিনত বহুত সমস্যাৰ মুখামুখি হ’ল৷ সেয়ে আমি পুনৰ এবাৰ একেটা ভুল নকৰোঁ যাতে তাৰ বাবে আহ্বান জনাইছোঁ৷ সেয়েহে সকলো কভিড বিধি মানি পূজা থলীলৈ আহি মা দুৰ্গাৰ আশিস লওক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here