কচু দেখিলেই আপুনি নাক কোঁচায় নেকি ? Do you frown at the sight of yam?

0
960
কচু দেখিলেই আপুনি নাক কোঁচাই দিয়ে নেকি? নে কচুৰ আঞ্জা দেখিলেই গল খজুৱায়৷ আচলতে কচুক লৈ বহুতৰ ক্ষেত্ৰতে এনে ঘটনা ঘটে৷ কিন্তু আপুনি হয়তো জানি ভাল পাব যে পাচলি হিচাপে কচু আমাৰ শৰীৰৰ কাৰণে কিমান উপকাৰী৷ আপুনি যদি কচু খায়, তেনেহ’লে শাৰীৰিকভাৱে আপুনি যথেষ্ট সুস্থ হৈ থাকিব৷ এটা কথা মনত ৰখা ভাল যে আপোনাৰ ওচৰে-পাঁজৰে বিভিন্ন প্ৰজাতিৰ কচু পোৱা যায় যদিও সকলো কচু খোৱাৰ উপযোগী নহয়৷

কচুত যথেষ্ট পৰিমাণে ভিটামিন-A, ভিটামিন-B, ভিটামিন-C, কেলচিয়াম, লো আদি থাকে৷ সেয়েহে কচু খালে কুকুৰীকণা ৰোগ প্ৰতিৰোধ হয়, যিহেতু ইয়াত ভিটামিন-A পোৱা যায়৷
কচুত ভিটামিন-C থাকে বাবে ছালৰ বিভিন্ন সমস্যা, ঘা শুকোৱা আদিত যথেষ্ট কাৰ্যকৰীৰূপে কাম কৰে৷

Yams: Kitchen Basics - Harvest to Table
  • উচ্চ ৰক্তচাপ ৰোগীৰ বাবে কচু বেছ উপকাৰী৷ কচু-এ তেজৰ কলেষ্টৰেল কমোৱাত সহায় কৰে৷
  • কচুত প্ৰচুৰ পৰিমাণে ফাইবাৰ, পটাচিয়াম, মেগনেচিয়াম, ভিটামিন-C, ভিটামিন-E আদি পোৱা যায়, যিয়ে তেজৰ শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে৷ সেয়েহে হাৰ্ট, অন্ত্ৰ আদিৰ উপকাৰ হয়৷
  • ফাইবাৰ থকা বাবে কচুৱে হজম প্ৰক্ৰিয়া উন্নত কৰে৷ ইয়াৰ উপৰি কচুৱে গেছ, কোষ্ঠকাঠিন্য আদিৰ সমস্যা নিৰাময় কৰে৷
  • গৰ্ভৱতী মহিলাৰ বাবে কচু খুব উপকাৰী৷ কিয়নো ইয়াত প্ৰচুৰ পৰিমাণে ফাইবাৰ, আইৰন, কেলচিয়াম থাকে বাবে গৰ্ভৱতী মাতৃক কচু খাবলৈ দিব লাগে৷
  • জ্বৰ হোৱাৰ সময়ত ৰোগীক দুধকচু খাবলৈ দিয়ক৷ ই জ্বৰ কমোৱাত সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here