এইবোৰ বদ অভ্যাসে হ্ৰাস কৰে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা

0
931


বিভিন্ন ধৰণৰ সংক্ৰমক ৰোগৰ পৰা শৰীৰক বচাই ৰাখিবলৈ ৰোগ প্ৰতিৰোধ ক্ষমতা থকাটো নিতান্তই প্ৰয়োজন৷ শৰীৰৰ ৰোগ সৃষ্টিকাৰী জীৱাণু, ভাইৰাছ, বেক্টেৰিয়া আদিৰ বিৰুদ্ধে যঁুজ দিয়ে এই ৰোগ প্ৰতিৰোধ ক্ষমতাই৷ শৰীৰৰ ৰক্তপ্ৰবাহ, লিম্ফোটিক ছিষ্টেমৰ পুষ্টি উপাদানৰ ওপৰত নিৰ্ভৰশীল শৰীৰৰ এই ৰোগ প্ৰতিৰোধ ক্ষমতা৷ সেয়েহে স্বাস্থ্যকৰ জীৱন যাত্ৰা সুচাৰুৰূপে চলিবলৈ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা থকাটো ভাল৷ কিন্তু কিছুমান বদ অভ্যাসে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাত প্ৰভাৱ পেলায়৷ যাৰ ফলত এই ৰোগ প্ৰতিৰোধ ক্ষমতা কমি গৈ নানা বেমাৰ সৃষ্টি কৰিব পাৰে৷ জানো আহক কি কু-অভ্যাসে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা কমাই দিয়ে৷
এবাৰ মদ্যপানে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ২৪ ঘণ্টাপৰ্যন্ত দুৰ্বল কৰি দিয়ে৷ এলকহলে ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে সৃষ্টিকাৰী কোষবোৰত জীৱাণুৰ বিৰুদ্ধে যুঁজ দিবলৈ অসমৰ্থ কৰি কোষবোৰৰ ওপৰত বেয়া প্ৰভাৱ পেলায়৷ নিয়মিত মদ্যপানে অন্ত্ৰৰ অভ্যন্তৰত ক্ষতি কৰে৷ ইয়াৰ লগতে মদ্যপানে অন্ত্ৰক সুৰক্ষা প্ৰদান কৰা নিউট্ৰ’ফিলছৰ ক্ষতিসাধন কৰে৷
ধূমপানৰ অভ্যাসে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰে৷ ইয়াৰ ফলত জীৱাণুৰ বিৰুদ্ধে যুঁজ দি সেইবোৰ ধবংস কৰিবলৈ অক্ষম হয়৷ ধূমপান কৰাৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতাক ভাৰসাম্য নষ্ট হয়৷
ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াবলৈ পৰ্যাপ্ত পৰিমাণ টোপনি মৰাটো অত্যন্ত জৰুৰী৷ অনিয়মীয়া টোপনি বা বহুদিনলৈ টোপনি খতি হ’লে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি গৈ বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাৰে৷
মানসিক চাপ বা একাকীত্বই ৰোগ প্ৰতিৰোধ ক্ষমতাৰ ওপৰত ভয়াৱহ প্ৰভাৱ পেলায়৷ গৱেষণাৰ পৰা দেখা গৈছে যে নিঃসংগ মানুহৰ কেঞ্চাৰ, নিউৰোডিজেনেৰিটিভ ডিজিজ বা অন্যান্য ভাইৰাছজনিত ৰোগে বেছিকৈ আক্ৰমণ কৰে৷ তাৰ কাৰণ এটাই যে নিংসগতা বা একাকীত্বৰ ফলত তেনে লোকৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা কমি গৈছে৷
স্বাস্থ্যকৰ খাদ্য আমাৰ শৰীৰক পুষ্টিৰ যোগান ধৰি শৰীৰ নিৰোগী কৰি ৰাখে৷ ইয়াৰ ফলত শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা যথেষ্ট বাঢ়ি যায়৷ কিন্তু অস্বাস্থ্যকৰ খাদ্য তথা অনিয়মীয়া খাদ্য গ্ৰহণ কৰাৰ ফলত শৰীৰৰ ৰোগ ক্ষমতা কমি গৈ নানা ৰোগে দেখা দিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here