আশ্চৰ্য ! কভিড পৰিস্থিতিৰ বাবে ৰাজ্যত কিমান শিশু পুষ্টিহীন ? How many children are suffering from malnutrition during the Covid situation?

0
795
ভাৰতৰ ৩৩ লাখৰো অধিক শিশু পুষ্টিহীন আৰু তেওঁলোকৰ ভিতৰত আধাতকৈও বেছি শিশু অতি পুষ্টিহীন শ্ৰেণীত পৰে৷ পুষ্টিহীন শিশু থকা ৰাজ্যসমূহৰ তালিকাত শীৰ্ষত আছে মহাৰাষ্ট্ৰ, বিহাৰ আৰু গুজৰাট৷ অসমৰ ১.৭৬ লাখ  শিশু পুষ্টিহীন৷ তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত বিচৰা উত্তৰত মহিলা আৰু শিশু কল্যাণ মন্ত্ৰ্যালয়ে এই কথা কয়৷ এই তথ্যই উদ্বেগৰ সৃষ্টি কৰিছে যে দৰিদ্ৰৰো দৰিদ্ৰ শিশুসকলৰ মাজত কভিড অতিমাৰীয়ে হয়তো স্বাস্থ্য আৰু পৰিপুষ্টিৰ সংকট বৃদ্ধি কৰিলে৷ মন্ত্ৰ্যালয়ৰ আনুমানিক হিচাপ মতে ২০২১ চনৰ ১৪ অক্টোবৰ পৰ্যন্ত দেশখনত অতি পুষ্টিহীন বা গুৰুতৰভাৱে পুষ্টিহীন শিশুৰ সংখ্যা ১৭.৭৬ লাখ আৰু মধ্যমীয়াভাৱে পুষ্টিহীন শিশুৰ সংখ্যা ১৫.৪৬  লাখ৷ ৩৪খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত থকা মুঠ পুষ্টিহীন শিশুৰ সংখ্যা ৩৩.২৩ লাখ৷ PTI-এ বিচৰা তথ্যৰ উত্তৰত মন্ত্ৰ্যালয়ে জনায় যে মহাৰাষ্ট্ৰত পুষ্টিহীন শিশুৰ সংখ্যা সৰ্বাধিক (৬.১৬ লাখ)৷ তাৰ ভিতৰত ১.৫৭ লাখ MAM শিশু, ৪.৫৮ লাখ SAM শিশু৷ বিহাৰত মুঠ ৪.৭৫ লাখ পুষ্টিহীন শিশুৰ ভিতৰত ৩.২৩ লাখ MAM, ১.৫২ লাখ SAM শিশু৷  গুজৰাটৰ মুঠ ৩.২০ লাখ পুষ্টিহীন শিশুৰ ভিতৰত ১.৫৫ লাখ MAM, ১.৬৫ লাখ SAM শিশু৷ উত্তৰ প্ৰদেশত মুঠ ১.৮৬ লাখ, তামিলনাডুত ১.৭৮ লাখ, অসমত মুঠ ১.৭৬ লাখ শিশু পুষ্টিহীন৷ অসমত ১,১৭,০১৬টি শিশু MAM আৰু ৫৯,৪৪৬টি শিশু SAM শ্ৰেণীত পৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here