উত্তৰ-পূবৰ ৫৬ শতাংশ মহিলাইভোগে ঋতুজনিত সমস্যাত

0
169

মহিলাসকলৰ ক্ষেত্ৰত মাহেকীয়া বা ঋতুকালীন সময় এটা দৈহিকভাৱে হোৱা হৰমনজনিত কাৰ্য৷ এটা নিৰ্দিষ্ট বয়সৰ পাছত মহিলাসকলৰ এই প্ৰক্ৰিয়াটো আৰম্ভ হয় আৰু ক্ৰমে বয়স বঢ়াৰ লগে লগে শাৰীৰিক এই প্ৰক্ৰিয়াটো বন্ধ হৈ পৰে৷ সাধাৰণতে কিছু ক্ষেত্ৰত মহিলাসকলে এই সময়ছোৱাত নানা সমস্যাৰ সন্মুখীন হয়৷ এই সময়খিনিত মাহেকীয়া অনিয়মীয়া হোৱা, মাহেকীয়াৰ সময়ত পেটৰ অসহ্য বিষ, তেজ বন্ধ নোহোৱা আদি বিভিন্ন গুৰুতৰ সমস্যাই দেখা দিব পাৰে৷ প্ৰায়ভাগ মহিলাৰ ক্ষেত্ৰত উক্ত সমস্যাবোৰে দেখা দিয়ে৷ ইয়াৰ চিকিৎসা তথা প্ৰতিকাৰ লোৱাৰ পাছতে ভালদৰে সুফল নাপায়৷ দেশৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ মহিলাসকলৰ ক্ষেত্ৰতো মাহেকীয়াজনিত বিভিন্ন সমস্যাত ভোগা দেখা গৈছে৷ শেহতীয়াভাৱে প্ৰকাশিত এক সমীক্ষা অনুসৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৫৬  শতাংশ মহিলাই ঋতুজনিত সমস্যাত ভোগে৷ বিশ্বৰ প্ৰথম আয়ুৰ্বেদ ফেমটেক ব্ৰেণ্ড গাইন’বেডাৰে কৰা এক তথ্যৰ জৰিয়তে এই কথা প্ৰকাশ পাইছে৷ গাইন’বেডাৰে কৰা সমীক্ষা মতে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায়সকল মহিলাই পি চি অ’ ডিৰ দৰে সমস্যাত আক্ৰান্ত হয়৷ তথ্যৰ পৰা জানিব পৰা মতে প্ৰায় ৩৬ শতাংশ মহিলাই এনে হৰমনজনিত ৰোগত আক্ৰান্ত হয়৷ ইয়াৰ ফলত মহিলাসকলৰ মাহেকীয়া নিয়মীয়া নোহোৱাৰ লগতে আন আন আনুষংগিক সমস্যাত ভোগে৷ আনকি এনে মহিলাই সন্তান জন্ম দিব পৰা ক্ষমতাৰ পৰাও বঞ্চিত হ’বলগীয়া হয়৷ জানিব পৰা মতে উক্ত সমীক্ষাটোত অংশগ্ৰহণ কৰা ৮৫ শতাংশ মহিলাই আছিল ৩৫ বছৰৰ ঊৰ্ধবৰ আৰু ১৫ শতাংশ আছিল ৩৫ বছৰ বয়সৰ তলৰ মহিলা৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here