অস্থিঅ’ আথ্ৰাইটিছ ৰোগৰ মাত্ৰাচিনাক্ত হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰে

0
138

আপুনি আঁঠুৰ অস্থিঅ’ আথ্ৰাইটিছত আক্ৰান্ত নেকি? বৰ্তমান উদ্বেগজনকভাৱে বৃদ্ধি পোৱা এই ৰোগত যিকোনো লোকেই আক্ৰান্ত হৈ পৰাটো এক সাধাৰণ কাৰণ হৈ পৰিছে৷ শুনিলে হয়তো আচৰিত হ’ব যে ভাৰতৰ ২৮ শতাংশ লোক আঁঠুৰ অস্থিঅ’ আথ্ৰাইটিছ সাধাৰণ ভাষাত আঁঠুৰ বিষত আক্ৰান্ত৷ কিন্তু সুখবৰ যে অস্থিঅ’ আথ্ৰাইটিছ ৰোগীসকলৰ সকাহ দিয়াৰ উদ্দেশ্যে এইবাৰ আগবাঢ়ি আহিছে আই আই টি, গুৱাহাটী৷ আই আই টি গুৱাহাটীয়ে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ আধাৰত প্ৰস্তুত কৰি উলিয়াইছে এক ডীপ লাৰ্নিং ফ্ৰেমৱৰ্ক, যাৰ নাম হ’ল অস্থিঅ’ এইচ আৰ নেট৷ এই মডেলে এক্সৰে’ৰ ইমেজ পৰীক্ষা কৰি স্বয়ক্ৰিয়ভাৱে নিৰ্ণয় কৰিব পাৰিব অস্থিঅ’ আথ্ৰাইটিছ ৰোগৰ মাত্ৰা৷ অৰ্থাৎ এক্সৰে’ৰ ইমেজটো চায়েই কৈ দিব পাৰিব আঁঠুত হোৱা অস্থিঅ’ আথ্ৰাইটিছ ৰোগটো কি পৰ্যায়ত আছে৷ ইয়াৰ ফলত চিকিৎসকজনৰ বাবে ৰোগীজনক চিকিৎসা সেৱা আগবঢ়োৱাটো একেবাৰেই সহজ হৈ পৰিব৷ উল্লেখ্য যে বিশ্ব স্বাস্থ্য সংস্থাই অস্থিঅ’ আথ্ৰাইটিছ ৰোগৰ পৰ্যায়সমূহ শূন্যৰ পৰা চাৰিৰ ভিতৰত ভাগ কৰি থৈছে৷ যদি শূন্য হয় তেনেহ’লে ৰোগটো আৰম্ভণি পৰ্যায়ৰ আৰু যদি চাৰি হয় তেন্তে বুজিব লাগিব যে ৰোগটো যথেষ্ট গুৰুতৰ৷ এতিয়া শেহতীয়াভাৱে উদ্ভাৱন কৰা গুৱাহাটী আই আই টিৰ মডেলটোৱে চিনাক্ত কৰি দিব ই শূন্য অৱস্থাত আছে নে চাৰি পাইছেগৈ৷ এই সন্দৰ্ভত ডি আই আই টি, গুৱাহাটীৰ অংকল বিভাগৰ সহকাৰী অধ্যাপক ড॰ পলাশ গগৈয়ে কয় যে তেওঁলোকে উদ্ভাৱন কৰা মডেলটোৱে ৰোগৰ পৰ্যায়টো নিৰ্দিষ্টভাৱে নিৰ্ণয় কৰি দিব পাৰিব৷ যাৰ ফলত অস্থিঅ’ আথ্ৰাইটিছ ৰোগৰ চিকিৎসা কৰি থকা চিকিৎসকসকল সাংঘাতিকভাৱে উপকৃত হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here