জানেনে : অমিতাৰ গুটিৰো আছে অসাধাৰণ গুণ

0
482

সাধাৰণতে অমিতা তৰকাৰী হিচাপে বা পকা অমিতা  সকলোৱে খোৱা খায়৷ আমি অমিতা কটোতে ইয়াৰ সাহখিনি ৰাখি গুটিবোৰ পেলাই দিওঁ৷ অমিতাৰ ক’লা গুটিবোৰৰো যে যথেষ্ট পুষ্টিগুণ আছে, সেইটো আমাৰ জ্ঞাত নহয়৷ অমিতাৰ গুটিৰ  গুণবিলাক জানিলে হয়তো আপুনি আজিৰ পৰা অমিতাৰ গুটিবোৰ ডাষ্টবিন নেপেলাব৷ অমিতাৰ গুটিত এনে কি গুণ আছে জানো আহক৷
অমিতাৰ বীজত প্ৰচুৰ পৰিমাণে ফাইবাৰ পোৱা যায়৷ পেট পৰিষ্কাৰ ৰখাত আৰু হজম শক্তি বৃদ্ধি কৰাত অমিতাৰ গুটিয়ে সহায় কৰে৷
মহিলাৰ মাহেকীয়া সময়ত হোৱা যন্ত্ৰণাৰ কষ্ট লাঘৱ কৰাৰ বাবে অমিতাৰ গুটি যথেষ্ট উপকাৰী৷
অমিতাৰ গুটি এণ্টিএজিং বৈশিষ্ট্যৰে ভৰপূৰ৷ যিয়ে মুখত বয়সৰ চাপ পৰাত বাধা দিয়ে৷ বলিৰেখাৰ পৰা হাত সাৰিবলৈ অমিতাৰ গুটি খাব লাগে৷
ৰক্তচাপ আৰু শৰীৰত কলেষ্টৰেলৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখাত অমিতাৰ গুটিয়ে সহায় কৰে৷
অমিতাৰ গুটিয়ে হৃদৰোগজনিত যিকোনো ৰোগ নিৰাময়ৰ বাবে সহায় কৰে৷
অমিতাৰ গুটিত এণ্টিবেক্টেৰিয়েল উপাদান থাকে৷ ইয়াৰ সীমিত পৰিমাণে খালে ষ্টাফিলোকক্কাছ, ছালমোনেলা টাইফি, চিউডোমোনাছ এৰুগিনোছা আদি অপকাৰী বেক্টেৰিয়াৰ পৰা শৰীৰটোক ৰক্ষা কৰিব পাৰে৷
সেয়েহে আপুনিও সংকল্প লওক– অমিতাৰ কাটোতে গুটিবোৰ পেলাই নিদি খাদ্য হিচাপে গ্ৰহণ কৰক আৰু শৰীৰটো ৰোগমুক্ত কৰি ৰাখক

LEAVE A REPLY

Please enter your comment!
Please enter your name here