অসমৰ এক কিল’গ্ৰাম চাহৰ দাম কিমান হ’ব পাৰে ?

0
154


হায়দৰাবাদৰ কাফে নিলোফাৰত সোৱাদ ল’ব পাৰিব ‘মনোহাৰী গ’ল্ড টী’ৰ চাহ৷ প্ৰতি কাপ চাহৰ দাম নিৰ্ধাৰণ কৰা হৈছে এহেজাৰ টকা৷ এই কথা প্ৰকাশ কৰিছে কাফে নিলোফাৰৰ স্বত্বাধিকাৰী এ বাবুৰাৱে৷ উল্লেখ্য যে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি এইবাৰ অসমৰ মনোহাৰী গ’ল্ড টী প্ৰতি কিল’গ্ৰাম বিক্ৰী হ’ল ৰ লাখ ১৫ হাজাৰ টকাত৷ হায়দৰাবাদৰ কেফে নিলোফাৰে ক্ৰয় কৰে এই চাহ৷ নিলাম যোগে মনোহাৰী গ’ল্ড টী ক্ৰয় কৰিবলৈ সক্ষম হোৱাৰ পাছতেই উৎফুল্লিত হৈ বাবু ৰাৱে কয় যে বহু দিনৰ পূৰ্বেই মই মনোহাৰী চাহৰ নাম শুনি আছিলোঁ৷ যোৱা বছৰ এই চাহ প্ৰতি কিল’গ্ৰামত ৯৯ হাজাৰ ৯০০ টকাত নিলাম হৈছিল৷ এইবাৰ মই এক লাখ পোন্ধৰ হাজাৰ টকাত ক্ৰয় কৰিছোঁ৷ এতিয়া হায়দৰাবাদত আমাৰ কাফেত মনোহাৰী গ’ল্ড টী প্ৰতি কাপত এহেজাৰ টকাত বিক্ৰী কৰিম৷ গুৱাহাটী চাহ নিলাম কেন্দ্ৰত ২০১৮১ পৰা ২০২১ চনলৈকে যোৱা চাৰি বছৰ ধৰি ধাৰাবাহিকভাৱে প্ৰতি কিল’গ্ৰাম মনোহাৰী গ’ল্ড টী অভিলেখ মূল্যত প্ৰায় এক লাখ টকাত বিক্ৰী হৈ আছিল৷ কিন্তু এইবাৰ পূৰ্বৰ অভিলেখ ভংগ কৰাৰ পাছত মনোহাৰী গ’ল্ড টীৰে প্ৰস্তুত কৰা প্ৰতি কাপ চাহৰ দাম এহেজাৰ টকা নিৰ্ধাৰণ কৰাটো তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here