অক্সফ’ৰ্ডৰ ভেকচিনৰ প্ৰতিটোৰ মূল্য ২২২ টকা

0
1704

অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ে প্ৰস্তুত কৰা কৰ’না ভাইৰাছৰ ভেকচিন ভাৰত চৰকাৰে প্ৰতিটো ড’জ ২২২ টকা দৰত লাভ কৰিব৷ ব্যক্তিগতভাৱে ক্ৰয় কৰিবলৈ বিচাৰিলে প্ৰতিটো ড’জৰ দাম হ’ব ১০০০ টকা৷ উল্লেখ্য যে ভাৰতৰ ছিৰাম ইন্‌ষ্টিটিউট অব্‌ ইণ্ডিয়াই ভেকচিন প্ৰস্তুত কৰাত অক্সফ’ৰ্ড বিশ্ববিদ্যালৰ অন্যতম সহযোগী হিচাপে আছে৷ ছিৰাম ইন্‌ষ্টিটিউটৰ মুখ্য কাৰ্যবাহী আদৰ পুনাৱালাই ভেকচিনৰ দামৰ বিষয়ে এইদৰে প্ৰকাশ কৰে৷ তেওঁ কয় যে চৰকাৰক প্ৰতিটো ড’জ ২২২ টকাত দিয়া হ’ব৷ তেওঁৰ মতে, জানুৱাৰীৰ ভিতৰত এই ভেকচিনৰ দহ কোটি ড’জ উৎপাদন কৰা হ’ব আৰু মাৰ্চৰ ভিতৰত ৪০ কোটি ড’জ যোগান ধৰাৰ বাবে সাজু হৈ উঠিব৷ তেওঁ লগতে কয় যে এই ভেকচিন সৰ্বপ্ৰথমে ভাৰতক যোগান ধৰা হ’ব আৰু তাৰ পাছতহে আন দেশক যোগান ধৰাৰ বিষয়ে চিন্তা কৰা হ’ব৷ উল্লেখ্য যে এই ভেকচিন নব্বৈ শতাংশপৰ্যন্ত সফল হ’ব বুলি আশা কৰা হৈছে৷ এই ভেকচিন ২–৮ ডিগ্ৰী চেলচিয়াছ তাপমাত্ৰাত সংৰক্ষণ কৰি ৰাখিব পৰা যাব বুলিও পুনৱালাই লগতে উল্লেখ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here