Home Health Naturally ৰাতি লং খালে কি হয়?

ৰাতি লং খালে কি হয়?

লং– প্ৰায়ে পাকঘৰত ব্যৱহৃত এবিধ মছলা৷ যিয়ে খাদ্যৰ সোৱাদ বৃদ্ধি কৰাৰ লগতে বিভিন্ন বেমাৰতো উপাচাৰী৷ প্ৰাচীন যুগৰে পৰা আয়ুৰ্বেদ শাস্ত্ৰত লঙক বিভিন্ন চিকিৎসাত ব্যৱহাৰ কৰি অহা হৈছে৷ বিশেষকৈ, গৰম পানীৰ লগত লঙৰ সেৱনে বিভিন্ন শাৰীৰিক সমস্যা নিৰাময়ত সহায় কৰে৷

(১) ৰাতি শোৱাৰ আগতে দুটা লং চোবাই এগিলাচ গৰম পানী খালে শৰীৰৰ যিকোনো সমস্যাৰ পৰা হাত সাৰিব পাৰি৷
(২) ৰাতি লং সেৱন কৰিলে বিভিন্ন পেটৰ সমস্যা যেনে– ডায়েৰিয়া, এচিডিটি, কোষ্ঠকাঠিন্য আদিৰ পৰা ৰেহাই পোৱাৰ লগতে হজম প্ৰক্ৰিয়াও উন্নত কৰে৷
(৩) হাত-ভৰিৰ কঁপনি উঠা সমস্যা থাকিলে ৰাতি শোৱাৰ আগত অলপ কুহুমীয়া পানীৰ লগত কেইটামান লং একেৰাহে খালে সুফল পোৱা যায়৷
(৪) গৰম পানীৰ সৈতে লং সেৱন কৰিলে দাঁতৰ বিষৰ পৰা পৰিত্ৰাণ পাব পাৰি৷
(৫) লঙত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট আৰু এণ্টিবেক্টেৰিয়েল উপাদান পোৱা যায়৷ ইয়াত থকা ছেলিচাইলেটে শালমইনা হোৱাত বাধা দিয়ে৷
(৬) লং সেৱনে কফ, ব্ৰংকাইটিছ, এজমা আদি ভাল কৰাৰ লগতে ইমিউনিটি বৃদ্ধিতো সহায় কৰে৷

গতিকে অনেক ঔষধি গুণবিশিষ্ট এই লং খাদ্যতালিকা বা ৰন্ধন-প্ৰণালীত অন্তৰ্ভুক্ত কৰি আমি আমাৰ শৰীৰটো সুস্থ আৰু ৰোগমুক্ত কৰি ৰাখিব পাৰোঁ। সেয়েহে আহক আজিৰ পৰাই লং সেৱন কৰাৰ এই সু-অভ্যাসটো গঢ়ি তোলোঁ।

Strong information on health

5.0 rating
March 12, 2021

From this website anyone can get good information on health. As health is wealth, so, following this website let’s take care for our health.

Again Kumar Nath

Most Popular

শোৱাৰ আগতে এইবোৰ ভুলতো নকৰিব! পৰিব পাৰে বয়সৰ চাপ (Never do these before sleeping to avoid signs of ageing)

আমি আমাৰ ছালখন ভালে ৰাখিবলৈ কত কি যে কৰোঁ হিচাপ নাই৷ কিন্তু ইয়াৰ মাজতে আমাৰ নিজৰ কিছুমান ভুল থাকে, যাৰ বাবে আমাৰ...

NCRB-ৰ প্ৰতিবেদন ! নাৰীজনিত অপৰাধত দেশৰ ভিতৰতে অসমৰ স্থান ১ (Assam tops list in crime against women in the country : NCRB)

নিৰাপত্তাহীন হৈ পৰিছে ৰাজ্যৰ নাৰী সমাজ৷ নাৰীজনিত অপৰাধৰ ক্ষেত্ৰত দেশৰ ভিতৰতে একেৰাহে চতুৰ্থ বৰ্ষৰ বাবে শীৰ্ষত আছে অসম৷ National Crime Records Bureau...

বগা নে বাদামী ! কোনবিধ ৰঙৰ কণী খোৱাটো ভাল (Which egg is more nutritious, white or brown coloured ?)

প্ৰ’টিনযুক্ত খাদ্যৰ ভিতৰত কণী অন্যতম৷ কণীয়ে আমাৰ শৰীৰত প্ৰ’টিনৰ অভাৱ দূৰ কৰে লগতে পুষ্টিৰ যোগান ধৰে৷ কণীৰ বহুতো উপকাৰী গুণ আছে৷ আমি...

আগন্তুক সকলো পূজাক লৈ চৰকাৰৰ নতুন SOP (Govt’s new SOP for all forthcoming puja celebrations)

শাৰদীয় দুৰ্গা পূজাৰ লগতে কালী পূজা, দীপাৱলীলৈকে সকলো পূজাৰ SOP জাৰি কৰিছে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই৷ যোৱা ১৫ ছেপ্টেম্বৰৰ সন্ধিয়া নতুন...

Recent Comments