নতুন এছ অ’ পি : তিনিখন জিলা টোটেল কণ্টেইনমেণ্ট জ’ন

0
1223
কভিড পৰিস্থিতিক লৈ  যোৱা ২৫ জুনত জনতা ভৱনত অনুষ্ঠিত এখন সংবাদমেলত নতুন নীতি-নিয়ম বলৱৎ কৰাৰ কথা জানিবলৈ দিয়ে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই৷ কৰ’নাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে বিশ্বনাথ, মৰিগাঁও আৰু গোৱালপাৰা জিলাৰ লগতে গোলাঘাট জিলাৰ বোকাখাত মহকুমাক সম্পূৰ্ণ কণ্টেইনমেণ্ট  জ’ন হিচাপে ঘোষণা কৰিছে৷ অহা ২৮ জুন, অৰ্থাৎ সোমবাৰৰ পৰা এসপ্তাহৰ বাবে উক্ত তিনিখন জিলাৰ লগতে বোকাখাত মহকুমাত এই নতুন নীতি-নিয়ম বলৱৎ হ’ব৷ আনহাতে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ যিসমূহ অঞ্চল বা চুবুৰিত দহজনতকৈ অধিক লোক কৰ’নাত আক্ৰান্ত হয় উক্ত অঞ্চলসমূহকো Containment Zone হিচাপে ঘোষণা কৰা হ’ব৷ Containment Zone হিচাপে ঘোষিত জিলা বা অঞ্চলসমূহত অত্যাৱশ্যকীয় সেৱাসমূহ খোলা থকাৰ লগতে বিয়লি পাঁচ বজালৈকে গেলামালৰ দোকানসমূহো খোলা থাকিব৷ উক্ত গেলামালৰ সামগ্ৰী বিক্ৰী কৰা দোকানীসকলে লগত ৰাখিব পাৰিব শাক-পাচলিও৷ ইফালে গুৱাহাটী মহানগৰত কৰ’নাৰ সংক্ৰমণ হ্ৰাস পোৱাৰ প্ৰতি লক্ষ্য ৰাখি নীতি-নিয়ম কিছু শিথিল কৰা হৈছে৷ সেই অনুসৰি অহা ২৮ জুনৰ পৰা  বিয়লি তিনি বজালৈকে সকলো দোকান-পোহাৰ খোলা ৰখাৰ অনুমতি প্ৰদান কৰা হৈছে৷ গুৱাহাটী মহানগৰ জিলাত বিয়লি চাৰি বজাৰ পৰা আৰম্ভ হ’ব সান্ধ্য আইন৷ আনহাতে হাইলাকান্দি জিলাত বলৱৎ হৈ থকা নীতি-নিয়ম আৰু কিছু শিথিল কৰি এতিয়াৰে পৰা চাৰি বজালৈকে দোকান খোলা ৰখাৰ অনুমতি দিয়া হৈছে৷ হাইলাকান্দিত সান্ধ্য আইন বলৱৎ হ’ব বিয়লি পাঁচ বজাৰ পৰা পুৱা পাঁচ বজালৈকে৷ বাকী জিলাসমূহত পূৰ্বৰ দৰেই বলৱৎ হৈ থাকিব নীতি- নিয়মসমূহ৷ আনহাতে এতিয়াৰ দৰেই অনাগত দিনতো বন্ধ থাকিব আন্তঃজিলা পৰিবহণ সেৱা৷ তেওঁ কয় যে ৰাজ্যখনৰ মুঠ ২৪৭টা অঞ্চলত সংক্ৰমণৰ হাৰ অতি বেছি হৈ আছে৷ সেয়েহে চৰকাৰে উক্ত হট্‌স্পট্‌ স্বৰূপ ২৪৭টা অঞ্চলত সম্পূৰ্ণ কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছে৷ আনহাতে  ৰাজ্যখনত দহজনতকৈ কম লোক আক্ৰান্ত হোৱা ৪৫৮১টা অঞ্চলচিনাক্ত কৰা হৈছে বুলি জনাই তেওঁ কয় যে উক্ত অঞ্চলসমূহত কঠোৰ নীতি-নিয়ম বলৱৎ কৰা হ’ব৷ ইফালে কোনো অঞ্চলত দহজনতকৈ অধিক লোক কৰ’নাত আক্ৰান্ত হ’লেই তেনে অঞ্চলক জিলাৰ উপায়ুক্তসকলক কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলিও কয় মন্ত্ৰীজনে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here