পেচাব জ্বলা-পোৰা সমস্যাৰ পৰা কিদৰে পৰিত্ৰাণ পাব ?

0
1698
গৰমৰ দিনত প্ৰায়ভাগ লোকৰে হোৱা এটা অসুবিধা হ’ল পেচাব জ্বলা-পোৰা কৰা৷ অত্যধিক গৰমৰ ফলত ৰ’দত ঘূৰি ফুৰা কাম কৰিলে সাধাৰণতে পেচাব জ্বলা-পোৰা হ’ব পাৰে৷ ই যথেষ্ট অসহ্যকৰ হোৱাৰ লগতে আমাক অসুবিধা প্ৰদান কৰে৷ মহিলাসকলৰ ক্ষেত্ৰত এইবিধ বেমাৰ বেছিকৈ হোৱা দেখা যায়৷ তলপেটৰ বিষো হ’ব পাৰে৷ অত্যধিক গৰমৰ ফলত পেচাব জ্বলা-পোৰা কৰাৰ লগতে ঘনাই পেচাব লগাৰ প্ৰৱণতা আহি থাকে৷ গৰমৰ দিনত সাধাৰণতে তাপমান বাঢ়ি যোৱাৰ লগে লগে আমাৰ শৰীৰটো বেছিকৈ ঘামিবলৈ ধৰে৷ ইয়াৰ লগে লগে শৰীৰত পানীৰ পৰিমাণ কমি যায়৷ কিয়নো অভ্যন্তৰৰ পানীভাগ ঘাম আকাৰে ওলাই যায়৷ যাৰ ফলত শৰীৰক বেক্টেৰিয়াই আক্ৰমণ কৰিবলৈ সুবিধা পায়৷ ইয়াৰ পৰা ৰক্ষা পৰিবলৈ আমি কি কৰিব লাগিব জানো আহকচোন

(১) গৰমৰ দিনকেইটাত দিনটোত আঠ-দহ গ্লাছ পানী সেৱন কৰিব লাগে৷

The benefits of drinking water - #RECHARGE


(২) গৰমৰ দিনত নেমু টেঙাৰ চৰবত নিয়মিত খাব লাগে৷ নেমু চৰবতে শৰীৰৰ পৰা ওলাই যোৱা পানীৰ সমতা স্থাপন কৰে৷ এই চৰবতত অলপ নিমখ বা চেনি মিহলাই খালে শৰীৰক ডিহাইড্ৰেশ্যনৰ পৰা ৰক্ষা কৰে৷ অৱসাদ দূৰ কৰাতো নেমুৰ ৰসে সহায় কৰে৷

How To Make Lemon Juice | Summer Special Nimbu Pani Preparation Step by Step


(৩) গৰমৰ দিনত যথেষ্ট পৰিমাণে দৈ খাব লাগে৷ যিহেতু দৈয়ে শৰীৰটো ঠাণ্ডা কৰি ৰাখে৷

How Yogurt (Curd) Can Help You Keep Cool this Summer - NDTV Food


(৪) গৰমৰ দিনৰ প্ৰস্ৰাৱ জ্বলা-পোৰা কৰা সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ বতৰৰ ফল জামু খাওক৷

Blackberry » iran dried fruit


(৫) দুপৰটেঙাৰ পাতৰ ৰস উলিয়াই খালে পেচাব জ্বলা-পোৰা বা কম পেচাব হোৱা সমস্যাৰ পৰা হাত সাৰিব পাৰি৷

Kalanchoe pinnata - Wikipedia
এইদৰে বিভিন্ন উপায় অৱলম্বন কৰি আপুনি গৰমৰ দিনত হোৱা প্ৰস্ৰাৱ জ্বলা-পোৰা সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here