ৰাতি লং খালে কি হয়?

0
1868
লং– প্ৰায়ে পাকঘৰত ব্যৱহৃত এবিধ মছলা৷ যিয়ে খাদ্যৰ সোৱাদ বৃদ্ধি কৰাৰ লগতে বিভিন্ন বেমাৰতো উপাচাৰী৷ প্ৰাচীন যুগৰে পৰা আয়ুৰ্বেদ শাস্ত্ৰত লঙক বিভিন্ন চিকিৎসাত ব্যৱহাৰ কৰি অহা হৈছে৷ বিশেষকৈ, গৰম পানীৰ লগত লঙৰ সেৱনে বিভিন্ন শাৰীৰিক সমস্যা নিৰাময়ত সহায় কৰে৷

(১) ৰাতি শোৱাৰ আগতে দুটা লং চোবাই এগিলাচ গৰম পানী খালে শৰীৰৰ যিকোনো সমস্যাৰ পৰা হাত সাৰিব পাৰি৷
(২) ৰাতি লং সেৱন কৰিলে বিভিন্ন পেটৰ সমস্যা যেনে– ডায়েৰিয়া, এচিডিটি, কোষ্ঠকাঠিন্য আদিৰ পৰা ৰেহাই পোৱাৰ লগতে হজম প্ৰক্ৰিয়াও উন্নত কৰে৷
(৩) হাত-ভৰিৰ কঁপনি উঠা সমস্যা থাকিলে ৰাতি শোৱাৰ আগত অলপ কুহুমীয়া পানীৰ লগত কেইটামান লং একেৰাহে খালে সুফল পোৱা যায়৷
(৪) গৰম পানীৰ সৈতে লং সেৱন কৰিলে দাঁতৰ বিষৰ পৰা পৰিত্ৰাণ পাব পাৰি৷
(৫) লঙত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট আৰু এণ্টিবেক্টেৰিয়েল উপাদান পোৱা যায়৷ ইয়াত থকা ছেলিচাইলেটে শালমইনা হোৱাত বাধা দিয়ে৷
(৬) লং সেৱনে কফ, ব্ৰংকাইটিছ, এজমা আদি ভাল কৰাৰ লগতে ইমিউনিটি বৃদ্ধিতো সহায় কৰে৷

গতিকে অনেক ঔষধি গুণবিশিষ্ট এই লং খাদ্যতালিকা বা ৰন্ধন-প্ৰণালীত অন্তৰ্ভুক্ত কৰি আমি আমাৰ শৰীৰটো সুস্থ আৰু ৰোগমুক্ত কৰি ৰাখিব পাৰোঁ। সেয়েহে আহক আজিৰ পৰাই লং সেৱন কৰাৰ এই সু-অভ্যাসটো গঢ়ি তোলোঁ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here