Home Health Talks শীতত হিটাৰ ব্যৱহাৰ কৰোঁতে সাৱধান হওক || Be careful while using heater...

শীতত হিটাৰ ব্যৱহাৰ কৰোঁতে সাৱধান হওক || Be careful while using heater in winter

শীতকালত ঠাণ্ডাৰ পৰা বাচিবলৈ বহুতেই ৰূমত হিটাৰ ব্যৱহাৰ কৰে৷ কিন্তু সাময়িক আৰামৰ বাবে কেতিয়াবা ডাঙৰ বিপদ আনিব পাৰে হিটাৰ ব্যৱহাৰ কৰিব নজনাৰ বাবে৷ কিছু ক্ষেত্ৰত ক্ষতিকাৰক হ’ব পাৰে বুলি বিশেষজ্ঞসকলে মত পোষণ কৰিছে৷ জানো আহক হিটাৰৰ ক্ষতিকাৰক দিশ৷

(১) হিটাৰৰ ভিতৰৰ ধাতৱ বা ছিৰামিক কিছু উপাদানক উত্তপ্ত কৰি তাপ উৎপন্ন কৰা হয়৷ ইয়াৰ ফলত সেই অঞ্চলত বতাহৰ আদ্ৰৰ্তা কমি যায়৷ যাৰ ফলস্বৰূপে উক্ত ঠাইৰ বায়ুৰ অক্সিজেন দহন হয়৷


(২) হিটাৰৰ তাপৰ ফলত ছাল শুষ্ক হৈ পৰে৷ ইয়াৰ উপৰি মূৰৰ বিষ, বমি ভাব আদিও হ’ব পাৰে হিটাৰৰ তাপৰ ফলত৷ ইয়ে টোপনিত ব্যাঘাত জন্মাব পাৰে৷


(৩) হিটাৰৰ পৰা বিভিন্ন ৰাসায়নিক পদাৰ্থ নিৰ্গত হয়৷ এইবোৰ উশাহৰ সহায়ত দেহত প্ৰৱেশ কৰি হাঁপানি, এলাৰ্জিৰ দৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে৷

Room Heaters: All about room heaters in India; Types, features, precautions & more | Most Searched Products - Times of India


(৪) ৰূম হিটাৰে সকলোতকৈ বেছি শ্বাস-প্ৰশ্বাসত ভোগা ৰোগীৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে৷ ব্ৰংকাইটিছ, চাইনাছত ভোগাসকলে ৰূম হিটাৰৰ পৰা দূৰত থকাটো ভাল৷


(৫) আনহাতে গেছ হিটাৰে বেছি সমস্যাৰ সৃষ্টি কৰে৷ এইধৰণৰ হিটাৰৰ পৰা কাৰ্বন মনক্সাইড গেছ নিৰ্গত হয়৷ যি শিশু আৰু বয়সস্ক লোকৰ বাবে বিশেষভাৱে ক্ষতিকাৰক৷


(৬) হিটাৰ ব্যৱহাৰ কৰাৰ সময়ত ওচৰত কেতিয়াও লেপ, কাপোৰ আদি ৰাখিব নালাগে৷ এইবোৰ সংস্পৰ্শলৈ আহিলে জুই জ্বলাৰ সম্ভাৱনা থাকে৷

very useful website

5.0 rating
November 6, 2021

For me, health is everything. Without a healthy body we cannot perform our level best. So, people, who are concern about their health, can visit this website regularly.

https://dibakarbordoloi.in

Strong information on health

5.0 rating
March 12, 2021

From this website anyone can get good information on health. As health is wealth, so, following this website let’s take care for our health.

Again Kumar Nath

Most Popular

ফ্লৰ’নাৰ প্ৰথমজন ৰোগী চিনাক্ত : ক’ত?

ইজৰাইলত ফ্লৰ’না ৰোগৰ প্ৰথমজন ৰোগী ধৰা পৰিছে৷ ফ্লৰ’না হৈছে ক’ভিড-১৯ আৰু ইনফ্লুয়েঞ্জাৰ দ্বৈত সংক্ৰমণ৷ আৰব নিউজে এই কথা...

দেশত ৩ জানুৱাৰীৰ পৰা কিশোৰ-কিশোৰীক ক’ভিডৰ ভেক্‌চিন

ক’ভিড-১৯ৰ ভেক্‌চিন ল’বৰ বাবে ১৫-১৮ বছৰ বয়সৰ ৬ লাখৰো অধিক হিতাধিকাৰীয়ে ক’উইন প’ৰ্টেলত নাম পঞ্জীয়ন কৰে৷ ৩ জানুৱাৰীত...

উঃ-পূৰ্বাঞ্চলৰ প্ৰথমজন অ’মিক্ৰনৰ দ্বাৰা সংক্ৰমিত ব্যক্তি চিনাক্ত

টাঞ্জানিয়াৰ পৰা মণিপুৰলৈ উভতি অহা ৪৮ বছৰীয়া এজন লোকৰ শৰীৰত অ’মিক্ৰন ভেৰিয়েণ্টৰ সংক্ৰমণ হোৱা বুলি ধৰা পৰে৷ স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ মতে এইগৰাকী...

কেঁচা জলকীয়া খালে শৰীৰৰ কি লাভ হয় ? How is green chilli beneficial to the body?

শীতকালত মন-পচন্দৰ আঞ্জাখনৰ সোৱাদ বঢ়াবলৈ কেঁচা জলকীয়াৰ বিকল্প নাই৷ যিমানে সোৱাদ নহওক কিয়, খোৱাৰ সময়ত ব্যঞ্জনখনত জ্বলা...

Recent Comments