Home Health Naturally মহিলাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ভিটামিনে কিধৰণে ভূমিকা লয়

মহিলাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ভিটামিনে কিধৰণে ভূমিকা লয়

প্ৰতিগৰাকী নাৰীয়ে নিজস্ব শৈলীৰে সৌন্দৰ্যৰ প্ৰতি গুৰুত্ব আৰোপ কৰে৷ ব্যস্ত সময়ত বহুখিনি কৰ্মব্যস্ততাৰ মাজতে সকলোবোৰ নিয়াৰিকৈ সজাই তুলিব যাওঁতে কেতিয়াবা হয়তো নিজৰ স্বাস্থ্যৰ যতন ল’বলৈ তেওঁলোকে পাহৰি যায়৷ যাৰ বাবে তেওঁলোক সঘনাই বিভিন্ন ৰোগৰ চিকাৰ হয়৷ সেয়ে সুন্দৰ আৰু সুস্থ হৈ থকাৰ ক্ষেত্ৰত প্ৰতিগৰাকী নাৰীয়ে নিজৰ খাদ্য গ্ৰহণৰ সুষম আহাৰৰ লগতে কেইবিধমান বিশেষভাৱে উপকাৰী ভিটামিন নিয়মিতভাৱে খোৱা খুবেই দৰকাৰী৷ প্ৰতিগৰাকী মহিলাৰ সুস্বাস্থ্যৰ বাবে অতিকে প্ৰয়োজনীয় ভিটামিনবিধ হৈছে ভিটামিন-এ৷ ই শৰীৰৰ কোষৰ লগতে হাড়, ছাল, পেশী, দাঁত আদি সকলো মজবুত কৰি ৰাখে৷ তদুপৰি দৃষ্টিশক্তিৰ ক্ষেত্ৰত এই ভিটামিনে যথেষ্ট অৰিহণা যোগায়৷ বয়স বৃদ্ধিৰ প্ৰক্ৰিয়াটো ই মন্থৰ কৰি ৰাখে৷ আন এবিধ লাগতিয়াল ভিটামিন হৈছে ভিটামিন-বি৷ এই ভিটামিনে ৰক্তকণিকা বৃদ্ধিৰ ক্ষেত্ৰত অৰিহণা যোগায়৷ ই আমাৰ স্মৃতিশক্তি বৃদ্ধি কৰে, বিশেষকৈ উচ্চ ৰক্তচাপ, হৃদৰোগ, মানসিক বিকাৰ আদি সমস্যা দূৰ কৰে৷ আনহাতে শৰীৰক লাগতিয়াল কেলচিয়াম, ফচফৰাছ, খনিজ দ্ৰব্য আদি ভিটামিন-ডি পৰা আমি পাওঁ৷ চৰ্বিযুক্ত মাছ, কণী, গাখীৰ আদিত এই সকলোৰে পোৱা যায় বাবে মহিলাসকলে এনে খাদ্য প্ৰচুৰ পৰিমাণে গ্ৰহণ কৰা উচিত৷ মহিলাৰ বাবে আন এটা দৰকাৰী ভিটামিন হ’ল ভিটামিন-ই, যিয়ে হৃদপিণ্ড সুস্থ ৰখাত সহায় কৰে, চুলি, নখ আদি ভালে ৰখাৰ লগতে এই ভিটামিনে কেঞ্চাৰ প্ৰতিৰোধ ক্ষমতা বঢ়ায়৷ ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত ভিটামিন-চিৰ গুৰুত্ব  অপৰিসীম৷ ভিটামিন-এ শৰীৰৰ কোষবোৰ শক্তিশালী কৰি ৰাখে, ইমিউনিটি প্ৰক্ৰিয়া বঢ়োৱাত ই সহায় কৰে৷ সেয়ে মহিলাসকলে উপৰিউক্ত খাদ্য গ্ৰহণ কৰি বিভিন্ন ৰোগ প্ৰতিৰোধ কৰিব পাৰে আৰু এটা সুস্থ-সবল দেহৰ অধিৰাকী হোৱাৰ গৌৰৱ অৰ্জন কৰিব পাৰে৷

Most Popular

চাহৰ সৈতে বিস্কুট কিমান স্বাস্থ্যকৰ ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

চাহৰ সৈতে বিস্কুটকিমান স্বাস্থ্যকৰ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

স্বৰ্গ-মৰ্ত্যৰ মাজৰ এই উপত্যকা!য’ত সময়ো থমকি ৰৈছে

ছাংগ্ৰিলা উপত্যকা– সঁচাকৈয়ে কি আছে এই ৰহস্যময় উপত্যকাত৷ ইয়াক লৈ বিভিন্ন সময়ত নানা প্ৰশ্নৰ উদয় হৈছে৷ ইয়াৰ ৰহস্য...

ভূপৃষ্ঠত সূৰ্যৰ উৎপত্তিৰ আগতেই পানী আছিল : কোনে ক’লে?

বিশ্বব্ৰহ্মাণ্ডত নক্ষত্ৰ সৃষ্টি হোৱাৰ আগৰে পৰাই পানী আছিল৷ বিজ্ঞানীসকলে ইয়াৰ তথ্য লাভ কৰিছে৷ উল্লেখ্য যে বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডত প্ৰথমে নক্ষত্ৰ, পানী, পৃথিৱী নে...