Home Beauty Plus বগা ছাল পাবলৈ ঘৰতে প্ৰস্তুত কৰক এই ফেচপেক

বগা ছাল পাবলৈ ঘৰতে প্ৰস্তুত কৰক এই ফেচপেক


এখন উজ্জ্বল, সতেজ ছালৰ অধিকাৰী হ’বলৈ সকলোৱে বাঞ্ছা কৰে৷ ছালখন যত্নৰ বাবে কোনেও অকণো অৱহেলা নকৰে৷ ছোৱালীবোৰে ছালৰ যত্নৰ বাবে দৈনিক বিউটি পাৰ্লাৰলৈ যোৱা, খাদ্যাভ্যাস সলনি কৰা আদি কি যে নকৰে৷ নাইট ক্ৰীম হিচাপে আমি বিশেষকৈ ছোৱালীবোৰে কত যে দামী দামী ক্ৰিম ব্যৱহাৰ কৰে তাৰ সীমা-সংখ্যা নাই৷ কিন্তু আমি জ্ঞাত নহয় যে মাত্ৰ দুটা উপকৰণৰ জৰিয়তে ক্ৰিম প্ৰস্তুত কৰি ছালৰ যতন ল’ব পাৰোঁ৷ এইদৰে ঘৰুৱাভাৱে বনোৱা ক্ৰিমে ছাল সুন্দৰ কৰাত সহায় কৰে৷ ছালত পৰা ক’লা দাগ, ব্ৰুন আদিৰ সমস্যা নিৰ্মূল কৰি ছাল উজ্জ্বল কৰিব পাৰে এই ক্ৰিমে৷ জানো আহক ঘৰতে এই ক্ৰিম কিদৰে প্ৰস্তুত কৰিব৷
প্ৰথম উপকৰণটো হ’ল এলোভেৰা জেল৷ এলোভেৰা জেলৰ ব্যৱহাৰত কৰিবলৈ ভাল নাপালে এই ক্ষেত্ৰত ফ্লাক্স ছিড জেল বা তিচিৰ বীজৰ ব্যৱহাৰ কৰিব পাৰে৷ প্ৰথমে এলোভেৰা জেল অথবা তিচিৰ বীজৰ তেল উলিয়াই পানীত তিচিৰ বীজ ফুটাই কিছুসময় গৰম হ’বলৈ দিব৷ গৰম গৰম অৱস্থাতে পানীখিনি চেকি ল’ব৷ চেকি লোৱাৰ পাছত দেখিব সুন্দৰ জেল প্ৰস্তুত হৈছে৷ এই জেলেৰে প্ৰতিদিনে মুখত লগাই পাছত পৰিষ্কাৰ পানীৰে ধুই দিব৷ এইদৰে এসপ্তাহ মুখত লগালে আপুনি ছালখনৰ পৰিৱৰ্তন দেখিবলৈ পাব৷ এই জেলে ছালখন সুন্দৰ উজ্জ্বল, কোমল কৰাৰ লগতে ছালৰ ক’লা দাগ নাইকিয়া কৰে৷

Most Popular

চাহৰ সৈতে বিস্কুট কিমান স্বাস্থ্যকৰ ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

চাহৰ সৈতে বিস্কুটকিমান স্বাস্থ্যকৰ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

স্বৰ্গ-মৰ্ত্যৰ মাজৰ এই উপত্যকা!য’ত সময়ো থমকি ৰৈছে

ছাংগ্ৰিলা উপত্যকা– সঁচাকৈয়ে কি আছে এই ৰহস্যময় উপত্যকাত৷ ইয়াক লৈ বিভিন্ন সময়ত নানা প্ৰশ্নৰ উদয় হৈছে৷ ইয়াৰ ৰহস্য...

ভূপৃষ্ঠত সূৰ্যৰ উৎপত্তিৰ আগতেই পানী আছিল : কোনে ক’লে?

বিশ্বব্ৰহ্মাণ্ডত নক্ষত্ৰ সৃষ্টি হোৱাৰ আগৰে পৰাই পানী আছিল৷ বিজ্ঞানীসকলে ইয়াৰ তথ্য লাভ কৰিছে৷ উল্লেখ্য যে বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডত প্ৰথমে নক্ষত্ৰ, পানী, পৃথিৱী নে...