ক’ভিড-১৯ৰ ভেক্চিন ল’বৰ বাবে ১৫-১৮ বছৰ বয়সৰ ৬ লাখৰো অধিক হিতাধিকাৰীয়ে ক’উইন প’ৰ্টেলত নাম পঞ্জীয়ন কৰে৷ ৩ জানুৱাৰীত আৰম্ভ হোৱা টিকাকৰণৰ বাবে ১ জানুৱাৰীত নাম পঞ্জীয়ন আৰম্ভ হয়৷ আনুমানিক চৰকাৰী হিচাপ মতে, ১৫-১৮ বছৰ বয়সৰ প্ৰায় ১০ কোটি কিশোৰ-কিশোৰী ভেক্চিন ল’বৰ বাবে যোগ্য৷ তেওঁলোকক ২৮ দিনৰ ব্যৱধানত ভাৰত বায়’টেকৰ ক’ভেক্সিনৰ দুটা ড’জ দিয়া হ’ব৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মণ্ডাভিয়াই কয় যে ১৫-১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীসকলক ক’ভিড-১৯ৰ ভেক্চিন দিয়াৰ সময়ত ভেক্চিনৰ সানমিহলি এৰাই চলিবৰ বাবে পৃথক টিকাকৰণ কেন্দ্ৰ স্থাপনকে ধৰি প্ৰয়োজনীয় ব্যৱস্থা ৰাজ্যসমূহ আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহে লোৱা উচিত৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা এলানি নতুন নীতি-নিৰ্দেশ মতে, কিশোৰ-কিশোৰীসকলক কেৱল ক’ভেক্সিনহে দিয়া হ’ব৷ দেশখনৰ প্ৰাপ্তবয়স্ক জনসংখ্যাক ক’ভেক্সিনৰ উপৰি ক’ভিশ্বিল্ড আৰু স্পুট্নিক ভি দি থকা হৈছে৷ এই নীতি-নিৰ্দেশবোৰৰ সুচাৰু ৰূপায়ণ নিশ্চিত কৰিবলৈ মণ্ডাভিয়াই ৰাজ্যসমূহ আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ স্বাস্থ্য মন্ত্ৰীসকল আৰু স্বাস্থ্য বিভাগৰ প্ৰধান সচিবসকল আৰু অতিৰিক্ত মুখ্য সচিবসকলৰ সৈতে অনলাইনত মত বিনিময় কৰে৷ তেওঁ ১৫-১৮ বছৰ বয়সৰ হিতাধিকাৰীসকলৰ বাবে পৃথক টিকাকৰণ কেন্দ্ৰ স্থাপনৰ বাবে আৰু টিকাকৰণ কেন্দ্ৰ একেটাই হ’লে এই বয়সৰ হিতাধিকাৰীসকলৰ বাবে পৃথক সময় ধাৰ্য কৰিবলৈ পৰামৰ্শ দিয়ে৷ মন্ত্ৰীজনে লগতে আগশাৰীৰ কৰ্মীসকল, স্বাস্থ্য কৰ্মীসকল আৰু ৰোগ থকা ৬০ ঊৰ্ধ্বৰ লোকসকলক বুষ্টাৰ ড’জ দিয়াৰ বিষয়টোও পৰ্যালোচনা কৰে৷
দেশত ৩ জানুৱাৰীৰ পৰা কিশোৰ-কিশোৰীক ক’ভিডৰ ভেক্চিন
Appreciation
March 31, 2022
Very informative. Helpful for people irrespective of age, gender, education and to develop fundamental knowledge on various food and beverages around us.
very useful website
November 6, 2021
For me, health is everything. Without a healthy body we cannot perform our level best. So, people, who are concern about their health, can visit this website regularly.
Strong information on health
March 12, 2021
From this website anyone can get good information on health. As health is wealth, so, following this website let’s take care for our health.