দেশত ৩ জানুৱাৰীৰ পৰা কিশোৰ-কিশোৰীক ক’ভিডৰ ভেক্‌চিন

0
364

ক’ভিড-১৯ৰ ভেক্‌চিন ল’বৰ বাবে ১৫-১৮ বছৰ বয়সৰ ৬ লাখৰো অধিক হিতাধিকাৰীয়ে ক’উইন প’ৰ্টেলত নাম পঞ্জীয়ন কৰে৷ ৩ জানুৱাৰীত আৰম্ভ হোৱা টিকাকৰণৰ বাবে ১ জানুৱাৰীত নাম পঞ্জীয়ন আৰম্ভ হয়৷ আনুমানিক চৰকাৰী হিচাপ মতে, ১৫-১৮ বছৰ বয়সৰ প্ৰায় ১০ কোটি কিশোৰ-কিশোৰী ভেক্‌চিন ল’বৰ বাবে যোগ্য৷ তেওঁলোকক ২৮ দিনৰ ব্যৱধানত ভাৰত বায়’টেকৰ ক’ভেক্সিনৰ দুটা ড’জ দিয়া হ’ব৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মণ্ডাভিয়াই কয় যে ১৫-১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীসকলক ক’ভিড-১৯ৰ ভেক্‌চিন দিয়াৰ সময়ত ভেক্‌চিনৰ সানমিহলি এৰাই চলিবৰ বাবে পৃথক টিকাকৰণ কেন্দ্ৰ স্থাপনকে ধৰি প্ৰয়োজনীয় ব্যৱস্থা ৰাজ্যসমূহ আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহে লোৱা উচিত৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা এলানি নতুন নীতি-নিৰ্দেশ মতে, কিশোৰ-কিশোৰীসকলক কেৱল ক’ভেক্সিনহে দিয়া হ’ব৷ দেশখনৰ প্ৰাপ্তবয়স্ক জনসংখ্যাক ক’ভেক্সিনৰ উপৰি ক’ভিশ্বিল্ড আৰু স্পুট্‌নিক ভি দি থকা হৈছে৷ এই নীতি-নিৰ্দেশবোৰৰ সুচাৰু ৰূপায়ণ নিশ্চিত কৰিবলৈ মণ্ডাভিয়াই ৰাজ্যসমূহ আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ স্বাস্থ্য মন্ত্ৰীসকল আৰু স্বাস্থ্য বিভাগৰ প্ৰধান সচিবসকল আৰু অতিৰিক্ত মুখ্য সচিবসকলৰ সৈতে অনলাইনত মত বিনিময় কৰে৷ তেওঁ ১৫-১৮ বছৰ বয়সৰ হিতাধিকাৰীসকলৰ বাবে পৃথক টিকাকৰণ কেন্দ্ৰ স্থাপনৰ বাবে আৰু টিকাকৰণ কেন্দ্ৰ একেটাই হ’লে এই বয়সৰ হিতাধিকাৰীসকলৰ বাবে পৃথক সময় ধাৰ্য কৰিবলৈ পৰামৰ্শ দিয়ে৷ মন্ত্ৰীজনে লগতে আগশাৰীৰ কৰ্মীসকল, স্বাস্থ্য কৰ্মীসকল আৰু ৰোগ থকা ৬০ ঊৰ্ধ্বৰ লোকসকলক বুষ্টাৰ ড’জ দিয়াৰ বিষয়টোও পৰ্যালোচনা কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here