Home Daily news দুই সাংবাদিকলৈ শান্তিৰ নোবেল (Nobel Peace Prize to two journalists)

দুই সাংবাদিকলৈ শান্তিৰ নোবেল (Nobel Peace Prize to two journalists)

ফিলিপাইনৰ সাংবাদিক মাৰিয়া ৰেছা আৰু ৰাছিয়াৰ সাংবাদিক ডিমিট্ৰি মুৰাটভলৈ ২০২১ চনৰ শান্তিৰ নোবেল বঁটা আগবঢ়োৱা হৈছে৷ নৰৱেৰ নোবেল সমিতিয়ে এই ঘোষণা কৰে৷ সমিতিয়ে কয় যে মত প্ৰকাশৰ স্বাধীনতাৰ বাবে তেওঁলোকৰ যুঁজৰ স্বীকৃতি স্বৰূপে দুয়োলৈকে শান্তিৰ নোবেল বঁটা আগবঢ়োৱা হৈছে৷ সমিতিয়ে দৃঢ়তাৰে কয় যে শান্তিৰ উত্তৰণৰ বাবে মত প্ৰকাশৰ স্বাধীনতা গুৰুত্বপূৰ্ণ৷ সমিতিৰ সভাপতি বেৰিট ৰেইছ এণ্ডাৰছনে কয় যে মুক্ত, স্বাধীন আৰু তথ্যভিত্তিক সাংবাদিকতাই ক্ষমতাৰ অপব্যৱহাৰ, মিথ্যাচাৰ আৰু মিছা প্ৰচাৰৰ বিৰুদ্ধে সুৰক্ষা দিয়ে৷ মত প্ৰকাশৰ স্বাধীনতা আৰু সংবাদ-পত্ৰৰ স্বাধীনতা অবিহনে ৰাষ্ট্ৰসমূহৰ মাজত ভাতৃত্ববোধ, নিৰস্ত্ৰীকৰণ আৰু এক উন্নত বিশ্ব শৃংখলাৰ সফল উত্তৰণ জটিল হ’ব৷ সাংবাদিক ৰেছাই ২০১২ চনত ‘ৰেপ্লাৰ’ নামৰ এটা নিউজ ৱেবছাইট স্থাপন কৰিছিল৷ এই ৱেবছাইটটোৱে ৰাষ্ট্ৰপতি ৰড্ৰিগ’ ডুটাৰ্টেৰ প্ৰশাসনৰ ড্ৰাগ্‌ছ-বিৰোধী বিতৰ্কিত, প্ৰাণনাশক অভিযানক সমালোচনা কৰি বাতৰি পৰিৱেশন কৰি আহিছে৷ নোবেল বঁটা পোৱাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰেছাই নৰৱেৰ টিভি২ চেনেলক কয় যে মই হতভম্ব হৈছোঁ৷ এইটো সঁচাই আৱেগিক৷ কিন্তু মই মোৰ টীমটোৰ হৈ আনন্দিত আৰু আমাৰ যুঁজক স্বীকৃতি দিয়াৰ বাবে নোবেল সমিতিক ধন্যবাদ জনাইছোঁ৷ আনহাতে সাংবাদিক মুৰাটভ ৰাছিয়াৰ স্বাধীন সংবাদ-পত্ৰ ‘নোভায়া গেজেটা’ৰ অন্যতম প্ৰতিষ্ঠাপক৷ ১৯৯৩ চনত কাকতখন প্ৰতিষ্ঠা কৰা হৈছিল৷ নোবেল সমিতিয়ে কয় যে নোভায়া গেজেটা বৰ্তমান ৰাছিয়াৰ অতি স্বাধীন বাতৰিকাকত৷ ক্ষমতাৰ প্ৰতি কাকতখনৰ সমালোচনাত্মক দৃষ্টিভংগী আৰম্ভণিৰে পৰাই আছে৷ বাতৰিকাকতখনৰ তথ্যভিত্তিক সাংবাদিকতা আৰু বৃত্তিগত সততাই কাকতখনক আন প্ৰচাৰ মাধ্যমে উল্লেখ নকৰা ৰাছিয়াৰ সমাজৰ নিন্দনীয় দিশবোৰৰ ক্ষেত্ৰত তথ্যৰ এক গুৰুত্বপূৰ্ণ উৎস কৰি তুলিছে৷ নোবেল সমিতিয়ে কয় যে ‘নোভায়া গেজেটা’ প্ৰকাশ হোৱাৰ পৰা এইেপেৰ্যন্ত কাকতখনৰ ছজন সাংবাদিকক হত্যা কৰা হৈছে৷ ক্ৰেমলিনৰ মুখপাত্ৰ ডিমিট্ৰি পেস্কভে মুৰাটভক এজন ‘প্ৰতিভাশালী আৰু সাহসী’ ব্যক্তি বুলি অভিহিত কৰে৷ নোবেল বঁটাত আছে এটা সোণৰ পদক আৰু ১.১৪ মিলিয়নৰো অধিক ডলাৰ৷

Strong information on health

5.0 rating
March 12, 2021

From this website anyone can get good information on health. As health is wealth, so, following this website let’s take care for our health.

Again Kumar Nath

Most Popular

আৰক্ষীৰ সাফল্য! ড্ৰাগ্‌ছ সৰবৰাহৰ ন-ন কৌশল (New modus operandi in drug smuggling: police success story)

অসম-নগালেণ্ড সীমান্তৰ কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ অন্তৰ্গত পুৰণা লাহৰিজানত ২৫ অক্টোবৰৰ সন্ধিয়া ড্ৰাগ্‌ছ মাফিয়া আৰু আৰক্ষীৰ তুমুল গুলীয়াগুলী হয়৷ জানিব পৰা...

পৰিৱেশলৈ ভাবুকি ! BMW আইনখন কাৰ্যকৰী হৈছেনে? A threat to the environment : Has the BMW Act been implemented?

ৰাজ্যৰ চৰকাৰী-বেচৰকাৰী খণ্ডৰ চিকিৎসালয়সমূহে চিকিৎসা সেৱাৰ স্বাৰ্থত যিবোৰ নীতি-নিয়ম মানি চলিব লাগে, প্ৰকৃতাৰ্থত সেয়া কিমান কাৰ্যকৰী হৈছে? বিশেষকৈ চিকিৎসা প্ৰতিষ্ঠানসমূহে চৌদিশ পৰিষ্কাৰ...

সাৱধান ! পৰিৱেশ-অনুকূল ফট্‌কাহে ফুটাব পাৰিব (Beware, use only eco-friendly fireworks)

দেৱালীৰ প্ৰাকমুহূৰ্তত অসমৰ প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে ৰাজ্যখনত গ্ৰীন ফট্‌কাৰ বাহিৰে সকলো ধৰণৰ আতচবাজী ফুটোৱা আৰু বিক্ৰী কৰাৰ ক্ষেত্ৰত...

কম বয়সতে হাতৰ ছাল কোঁচ খাইছে নেকি ? Is your hand skin sagging at a young age?

আমি মুখৰ ছালখন ভালে ৰাখিবলৈ অশেষ যত্ন কৰোঁ৷ বিভিন্ন ধৰণৰ প্ৰসাধন সামগ্ৰী, স্ক্ৰাবিং কৰা, উন্নত ব্ৰেণ্ডৰ ক্ৰিম লগোৱা আদি নানা পৰিচৰ্যা কৰোঁ৷...

Recent Comments