ৰাজ্যৰ সাতটা স্থানত স্থাপিত কেঞ্চাৰ কেয়াৰ চেণ্টাৰ অহা ২৮ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰাৰ প্ৰাক্ক্ষণত ইয়াৰে অন্যতম তেজপুৰৰ কেঞ্চাৰ কেয়াৰ চেণ্টাৰৰ প্ৰস্তুতিৰ বুজ লয় স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই৷ প্ৰধানমন্ত্ৰীৰ অসম আগমনৰ পূৰ্বে স্বাস্থ্য মন্ত্ৰীয়ে তেজপুৰৰ বিহগুৰিত স্থাপন কৰা কেঞ্চাৰ কেয়াৰ চেণ্টাৰত উপস্থিত হৈ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়৷ উল্লেখ্য যে টাটা আৰু ৰাজ্য চৰকাৰৰ যৌথ উদ্যোগত প্ৰতিষ্ঠিত কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনে ৰাজ্যখনত ১৭খন কৰ্কট ৰোগৰ বিশেষ চিকিৎসালয় নিৰ্মাণৰ কাম আৰম্ভ কৰিছে৷ তিনিখন এনে চিকিৎসালয়ৰ নিৰ্মাণকাৰ্য অব্যাহত আছে আৰু এই চিকিৎসালয়কেইখন এটা বছৰৰ ভিতৰতে সম্পূৰ্ণ হৈ উঠিব বুলি স্বাস্থ্য মন্ত্ৰীয়ে জানিবলৈ দিয়ে৷ তেওঁ লগতে কয় যে কৰ্কট ৰোগত আক্ৰান্ত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বহুসংখ্যক লোকে বুজন পৰিমাণৰ টকা খৰচ কৰি বহিঃৰাজ্যত চিকিৎসা কৰিব লগা হয়৷ যথেষ্ট পৰিমাণৰ আৰ্থিক ব্যয় হোৱাৰ লগতে উপযুক্ত সময়ত চিকিৎসা লাভৰ পৰাও ৰোগীসকল বঞ্চিত হৈ আহিছে৷ তেনে পৰিপ্ৰেক্ষিতত এতিয়াৰ পৰা কৰ্কট ৰোগ সম্বন্ধীয় যিকোনো সমস্যাৰ ক্ষেত্ৰত সহজে আৰু কম খৰচতে এই সুবিধা লাভ কৰিব৷ নৱনিৰ্মিত তেজপুৰ কেঞ্চাৰ হস্পিটেলত কেম’থেৰাপিৰ পৰা অত্যাধুনিক ৰেডিঅ’থেৰাপি আৰু অন্যান্য চিকিৎসা ব্যৱস্থাও উপলব্ধ হ’ব৷ ইতিমধ্যে কৰ্কট ৰোগ বিশেষজ্ঞকে ধৰি প্ৰয়োজনীয় চিকিৎসক আৰু কাৰিকৰী দক্ষতাসম্পন্ন লোকৰ উপৰি চিকিৎসা কৰ্মীসকলৰ নিযুক্তি সম্পূৰ্ণ হৈছে আৰু ২৯ এপ্ৰিলৰ পৰা চিকিৎসা সেৱা নিয়মীয়াকৈ আৰম্ভ হ’ব৷
তেজপুৰৰ কেঞ্চাৰ কেয়াৰ চেণ্টাৰ সম্পূৰ্ণ
By Health Plus
150
Previous articleপ্ৰতিদিনে কেঁচা জলকীয়া খোৱাৰ অভ্যাস কৰক
Next articleতিনি কোটি টকাৰ গাঞ্জা উদ্ধাৰ : ক’ত ?
RELATED ARTICLES
ৰেস্তোৰাঁত ফলৰ ৰসৰ পৰিৱৰ্তে ডিটাৰজেণ্ট মিহলি পানী : ক’ত?
Health Plus - 0
ছ’চিয়েল মিডিয়াত প্ৰকাশিত এক আজব আৰু দায়িত্বজ্ঞানহীন কৰ্মই সৰ্বসাধাৰণৰ মাজত চাঞ্চল্যকৰ সৃষ্টি কৰিছে৷ চীনৰ ৰেস্তোৰাঁত ফলৰ ৰসৰ পৰিৱৰ্তে...
মহাবিশ্বত ISRO-ৰ ৰিইউজেবললঞ্চ ভেহিকলৰ পৰীক্ষাৰ পদক্ষেপ
Health Plus - 0
এটা সময়ত সমুদ্ৰ বিশ্বৰ বাণিজ্য তথা শক্তিৰ কেন্দ্ৰ আছিল৷ কিন্তু লাহে লাহে এতিয়া মহাকাশে সেই স্থান পূৰ কৰিবলৈ...
পাঁচখন গাঁৱত ধূমপান নিষিদ্ধ!জানক ইয়াৰ আঁৰৰ কথা
Health Plus - 0
ধূমপানৰ পৰা হ’ব পৰা ক্ষয়-ক্ষতিৰ তালিকাখন আমাৰ সকলোৰে জ্ঞাত৷ সেয়ে সময়সাপেক্ষে কিছুমান এলেকা বা অঞ্চল ধূমপানৰ পৰা সুৰক্ষিত হ’বলৈ নিষিদ্ধ কৰা হয়৷...
Most Popular
মছলা হিচাপে খোৱা কলাজিৰাৰআছে বিস্ময়কৰ শক্তি
প্ৰাচীন কালৰে পৰা কালজিৰা মানৱদেহৰ নানা ৰোগৰ চিকিৎসাত ব্যৱহাৰ হৈ আহিছে৷ কালজিৰা অকল খাদ্যৰ সোৱাদ বৃদ্ধিতে নহয়, ইয়াৰ বীজৰ পৰা উৎপন্ন হোৱা...