প্ৰতিদিনে কেঁচা জলকীয়া খোৱাৰ অভ্যাস কৰক

0
573

ডাইনিং টেবুলত কেঁচা জলকীয়া বহুতৰে বাবে এটা প্ৰিয় নাম৷ কিছুমান এটা অভ্যাস আছে যে খোৱাৰ সময়ত যদি এটা কেঁচা জলকীয়া পাতত নাথাকে, তেনে লোকৰ যেন খোৱাটোও আধৰুৱা হয়৷
যিসকল লোকে প্ৰতিটোপা খাদ্যৰ সৈতে কেঁচা জলকীয়া বিচাৰে, তেওঁলোকে অকল খাদ্যৰ সোৱাদ বৃদ্ধিৰ বাবেহে খায়৷ কিন্তু ইয়াৰ বাহিৰেও যে কেঁচা জলকীয়াৰ বহুতো উপকাৰিতা হৈছে, তেওঁলোকে হয়তো নাজানে৷ কেঁচা জলকীয়াই আমাৰ শৰীৰৰ কি উপকাৰ কৰে এই বিষয়ে অলপ জানো আহক৷
কেঁচা জলকীয়াত যথেষ্ট পৰিমাণে আঁহ, থিয়ামিন, ৰিবেফ্লেভিন, নিয়াচিন, ফোলেট, আইৰন, মেংগানিজ আৰু ফচফৰাছ থাকে৷
সেউজীয়া জলকীয়াৰ পাৰ্শ্বক্ৰিয়াত যথেষ্ট এণ্টিঅক্সিডেণ্ট থাকে, যি শৰীৰত সঞ্চিত সকলো ক্ষতিকাৰক বিষাক্ত উপাদান আঁতৰ কৰে৷ ফলত কৰ্কট কোষবোৰ প্ৰাকৃতিকভাৱে জন্ম হোৱাৰ সম্ভাৱনা নাথাকে৷
কেঁচা জলকীয়াই হৃদযন্ত্ৰ সুস্থ ৰাখে৷ কেঁচা জলকীয়াত থকা কেইবাটাও উপকাৰী উপাদানে  তেজত থকা বেয়া কলেষ্টৰেলৰ স্তৰ হ্ৰাস কৰে৷
এইবিধ সৰু সেউজীয়া পাচলিয়ে তেজ গোট নমৰা নিশ্চিত কৰে৷ ইয়াৰ ফলত হূদযন্ত্ৰৰ আক্ৰমণৰ আশংকা হ্ৰায় পায়৷
কেঁচা জলকীয়াত কেপচিচিন নামৰ এক উপাদান থাকে, যিয়ে শ্লেষ্মা আৱৰণলৈ তেজৰ প্ৰবাহ বৃদ্ধি কৰে৷ যাৰ কাৰণে চাইনাছ সংক্ৰমণৰ ঘটনা নোহোৱা হয়৷
কেঁচা জলকীয়াই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷ ইয়াত যথেষ্ট পৰিমাণে ভিটামিন-চি, বিটা কেৰ’টিন, এণ্টিঅক্সিডেণ্ট থাকে বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰে৷
কেঁচা জলকীয়াই এণ্ডোৰফিন হৰমনৰ নিৰাপত্তা বৃদ্ধি কৰে৷ ফলস্বৰূপে মানসিক চাপৰ স্তৰ হ্ৰাস কৰি মনটো চাপমুক্ত কৰি ৰাখে আৰু মনক আনন্দ প্ৰদান কৰে৷
কেঁচা জলকীয়াই ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণত ৰখাত সহায় কৰে৷ যাৰ ফলত ডায়েবেটিছ ৰোগ হোৱাৰ সম্ভাৱনা কমি থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here