Home Daily news জি আই টেগযুক্ত উত্তৰ-পূবৰ ২৩ বিধ শস্যৰ ভিতৰত ৮ বিধেই অসমৰ

জি আই টেগযুক্ত উত্তৰ-পূবৰ ২৩ বিধ শস্যৰ ভিতৰত ৮ বিধেই অসমৰ

উত্তৰ-পূৰ্বাঞ্চলৰ জি আই টেগযুক্ত ২৩ বিধ শস্যৰ ভিতৰত ৮ বিধ শস্যই অসমৰ বুলি সদৰী কৰিছে কৃষি মন্ত্ৰী অতুল বৰাই৷ গুৱাহাটীত অনুষ্ঠিত ‘ভাইব্ৰেণ্ট নৰ্থ-ইষ্ট’ শীৰ্ষক এক অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী বৰাই কয় যে জি আই টেগযুক্ত অসমৰ কাজি নেমু, তেজপুৰৰ লিচু, কোমল চাউল, জহা চাউল, কাৰ্বি আংলঙৰ আদা, চকোৱা আদিয়ে ইতিমধ্যে বিশ্বৰ বজাৰৰ দুৱাৰডলি গচকিছে৷ এই শস্যসমূহক আন্তৰ্জাতিক পৰ্যায়ৰ বজাৰত সুলভ কৰাৰ বাবে চৰকাৰী আৰু বেচৰকাৰী সংস্থাসমূহে আগবাঢ়ি অহা উচিত বুলি বৰাই উল্লেখ কৰে৷ তেওঁ আৰু কয় যে কৃষি আৰু উদ্যান শস্য বিভাগে উচ্চ
 মূল্য বিশিষ্ট শস্যসমূহৰ উৎপাদনৰ পৰা বিপণনলৈকে মূল্য শৃংখল গঢ়ি তোলাত গুৰুত্ব দিছে৷ এই শস্যসমূহৰ অধিক উপাদনৰ বাবে অত্যাধুনিক কৃষি প্ৰযুক্তিৰ লগতে জলবায়ু পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি কৃষকৰ মাজত প্ৰতিকূল জলবায়ু সহনশীল জাতৰ ব্যৱহাৰ জনপ্ৰিয় কৰি তোলাৰ বাবেও মন্ত্ৰী বৰাই আহ্বান জনায়৷

Most Popular

বেদতে আছিল বিজ্ঞানৰ সমস্ত সূত্ৰতোলপাৰ লগাইছে এই দাবীয়ে

বিজ্ঞানৰ সমস্ত সূত্ৰ বেদতে আছিল৷ এই দাবী কৰিছে ইছৰ’ৰ অধ্যক্ষ এছ সোমনাথে৷ ভাৰতৰ মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ’ৰ অধ্যক্ষ সোমনাথে কোৱা মতে...

প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰপৰাপৃথিৱীলৈ এলিয়েন ছিগ্‌নেল প্ৰেৰণ

পৃথিৱীৰ বাহিৰতো আন জীৱৰ সন্ধান অব্যাহত থকা অৱস্থাত প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰ পৰা পৃথিৱীলৈ মহাবিশ্বৰ এটা সংকেত প্ৰেৰণ কৰা হৈছে৷ আন...

সুখবৰ : ডায়েবেটিছৰ বাবে বিশ্বৰ প্ৰথম অৰেল ইনছুলিন উদ্ভাৱন

বৰ্তমান বিশ্বত ডায়েবেটিছ ৰোগে ভয়াৱহভাৱে দেখা দিছে৷ অনিয়মীয়া খাদ্য গ্ৰহণ, দৈনন্দিন জীৱন প্ৰণালীৰ সালসলনি, আৰামপ্ৰিয় জীৱন, পৰিশ্ৰমহীন কৰ্ম, খাদ্য সামগ্ৰী ভেজালকৰণ ইয়াৰ...

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,