মুখত পৰা ক’লা দাগ কেনেকৈ নিৰ্মূল কৰিব ?

0
1014

বৰ্তমান সময়ত প্ৰায় সকলো লোকেই স্বাস্থ্যৰ লগতে ৰূপসজ্জাৰ প্ৰতি সচেতন৷ পুৰুষ বা মহিলা সকলোৱে নিজৰ মুখখন নিমজ, সতেজ কৰি ৰাখিব বিচাৰে৷ নিজকে ধুনীয়া কৰি ৰখাৰ বাবে প্ৰতিজনে বজাৰত উপলব্ধ নামী-দামী বিভিন্ন ৰকমৰ প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰে৷ এই সামগ্ৰীবোৰত নানা ৰাসায়নিক উপাদান মিহলি হৈ থাকে আৰু ইয়ে আমাৰ ছালখনৰ যথেষ্ট অনিষ্ট সাধন কৰে৷ তাৰ উপৰি অত্যধিক মছলাযুক্ত খাদ্য গ্ৰহণ, ভজা-পোৰা খাদ্য আদিয়ে মুখৰ ছালখনত বিৰূপ প্ৰভাৱ পেলায়৷ ইয়াৰ ফলত মুখত শালমইনা বা ফোঁহা হ’ব পাৰে৷ মুখৰ ছালখন স্পৰ্শকাতৰ হোৱা হেতুকে শালমইনা, ফোঁহা আদি ওলাই ক’লা দাগৰ সৃষ্টি কৰে৷ কিছুমান ঘৰুৱা উপায়েৰে মুখত পৰা ক’লা দাগ নিৰ্মূল কৰিব পাৰি৷ সাধাৰণতে গ্লিচাৰিনৰ লগত হালধি গুড়ি আৰু বেচনৰ পেষ্ট তৈয়াৰ কৰি তাত এচামুচ নেমুৰস মিহলাই মুখত সানিব লাগে৷ ৰাতি শোৱাত আগতে এই পেষ্টটো মুখত আধা ঘণ্টা বা এঘণ্টা সময় ৰাখিব লাগে৷ পাছত শুকান হ’লে পৰিষ্কাৰ পানীৰে ধুই দিব লাগে৷ এনেদৰে এসপ্তাহ এই পেষ্টটো মুখতলগালে ছালখন মসৃণ হয়৷ আনহাতে গাখীৰৰ সৰৰ লগত হালধি গুড়ি আৰু বেচনেৰে একেদৰে পেষ্ট প্ৰস্তুত কৰি মুখত সানিলে ক’লা দাগ নোহোৱা হয়৷ এনেকৈয়ে ঘৰুৱাভাৱে প্ৰস্তুত কৰা সামগ্ৰী ব্যৱহাৰ কৰিলে মুখত পৰা ক’লা দাগ আঁতৰিব আৰু ছালখনৰ সৌন্দৰ্য, সতেজতা বৃদ্ধি হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here