Home Daily news কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মৃত বাঘ উদ্ধাৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মৃত বাঘ উদ্ধাৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা ৰেঞ্জৰ দ্বিতীয় সংযোজন সীমাতে থকা এক নং শিলডুবিত এটা ঢেঁকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ হয়৷ 
স্থানীয় ৰাইজে মৃত বাঘটো প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়ে৷ 
মৃত বাঘটোৰ নিচেই কাষতে এটা মৰা গৰুৰ মৃতদেহো উদ্ধাৰ হয়৷ গৰুটোৰ পিছৰ একাংশ বাঘে খোৱা অৱস্থাত পোৱা গৈছে৷ 
বাঘৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উপ-বন সংৰক্ষক খৰ্গ সিং ডেকাৰজা, গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মাকে ধৰি উচ্চপদস্থ বিষয়াসকল উপস্থিত হৈ বাঘটোৰ মৃত্যুৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰে৷ 
তদন্তৰ বাবে বিভাগীয় পশু চিকিৎসক কৰুণাকান্ত ডেকা আৰু কাজিৰঙা বন্যপ্ৰাণী পুনৰসংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ জ্যেষ্ঠ পশু চিকিৎসক ডাঃ চামচুল আলীও ঘটনাস্থলীত উপস্থিত হৈ ফৰেনছিক পৰীক্ষাৰ বাবে মৃত বাঘটোৰ লগতে বাঘে খোৱা গৰুটোৰ শৰীৰৰ নমুনা সংগ্ৰহ কৰে৷  
মৰণোত্তৰ পৰীক্ষাৰ পাছতহে বাঘটোৰ মৃত্যুৰ কাৰণ জানিব পৰা যাব যদিও প্ৰাৰম্ভিক অনুসন্ধানৰ আধাৰত ঢেঁকীয়াপতীয়া বাঘটো বিষক্ৰিয়াৰ ফলত মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে৷

Most Popular

স্বৰ্গ-মৰ্ত্যৰ মাজৰ এই উপত্যকা!য’ত সময়ো থমকি ৰৈছে

ছাংগ্ৰিলা উপত্যকা– সঁচাকৈয়ে কি আছে এই ৰহস্যময় উপত্যকাত৷ ইয়াক লৈ বিভিন্ন সময়ত নানা প্ৰশ্নৰ উদয় হৈছে৷ ইয়াৰ ৰহস্য...

ভূপৃষ্ঠত সূৰ্যৰ উৎপত্তিৰ আগতেই পানী আছিল : কোনে ক’লে?

বিশ্বব্ৰহ্মাণ্ডত নক্ষত্ৰ সৃষ্টি হোৱাৰ আগৰে পৰাই পানী আছিল৷ বিজ্ঞানীসকলে ইয়াৰ তথ্য লাভ কৰিছে৷ উল্লেখ্য যে বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডত প্ৰথমে নক্ষত্ৰ, পানী, পৃথিৱী নে...

বিশাল অট্টালিকাৰ ভৰে বছৰিদুই মিঃমিঃলৈ বহাইছে নিউয়ৰ্কক

নিউয়ৰ্ক চহৰখন বছৰি অহৰহ তললৈ বহি যাবলৈ আৰম্ভ কৰিছে৷ ইয়াৰ প্ৰধান কাৰণ হ’ল মহানগৰখনত বছৰি ক্ৰমবৰ্ধমান গতিত বৃহৎ বৃহৎ অট্টালিকা নিৰ্মাণ কৰাটো৷...

পাইলটলৈ প্ৰত্যাহ্বান : কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা উৰিব বিমান

বৰ্তমান যুগটোক বহুতেই কৃত্ৰিম বুদ্ধিমত্তাৰ যুগ বুলি ক’বলৈ লৈছে৷ ইয়াৰ কাৰণ হ’ল বিভিন্ন ক্ষেত্ৰত বহুলভাৱে ব্যৱহাৰ কৰিবলৈ লোৱা হৈছে কৃত্ৰিম বুদ্ধিমত্তাক৷ শেহতীয়াকৈ...