মুখত বয়সৰ চাপ নপৰিবলৈ কি কৰিব?

0
486

আমাৰ শৰীৰৰ ভিতৰত যিখিনি কাম চলি থাকে অৰ্থাৎ লিভাৰ কিডনীয়ে কি কাম কৰি আছে বা কিবা অপকাৰ হৈ থাকে হৈছে নেকি সেই গোটেইখিনি আমাৰ ছালত বা মুখমণ্ডলত দেখা দিয়ে । ৪০ বছৰ বয়সৰ পৰা আমাৰ মুখত বয়সৰ চাপ পৰা দেখা যায় এইখিনি বচাই ৰাখিবৰ বাবে আমি ২৫/৩০ বছৰ বয়সৰ পৰা আমি কিছুমান ব্যায়াম কৰিলে ইয়াৰ পৰা হাত সাৰিব পাৰি । আমাৰ মুখমণ্ডলত ৪৬ টা মাংসপেশী থাকে । গোটেইবোৰ মাছালছৰ ব্যায়াম কৰাটো সম্ভৱ নহয়৷ আমি কেইটামান মাছালছৰ ব্যায়াম কৰিব পাৰো, যিবোৰে আমাৰ এক্সপ্ৰেছন দিয়াত সহায় কৰে , যেন হাঁহিলে বা চকু মুদা আদি । কেতিয়াবা মুখমণ্ডলৰ এটা ছাইজ পেৰেলাইছেছ হোৱা দেখা যায়, যিটো স্থায়ী নহয় ব্যায়াম বা ফিজিঅ থেৰাপিষ্টৰ জৰিয়তে ঠিক কৰিব পাৰি । যদি আমি ব্যায়াম কৰি থাকোঁ ইয়াৰ পাৰ হাত সাৰি থাকিব পাৰি । ব্যায়াম কৰাৰ সময়ত মুখখন ভালকৈ ধুই লৈ ভিটামিন ই কেপচুল অকণমান আৰু নাৰিকল তেল অকণমান লৈ মুখখন মাচাজ কৰি ল’ব পাৰে৷ তেনে কৰিলে ব্লাড চাৰ্কুলেচন ভাল হয়, ছালখন হাইড্ৰেট হৈ থাকে আৰু অক্সিজেন পায় , ইয়াৰ পিছত ব্যায়াম কৰিলে বেছিকৈ সুফল লাভ কৰিব । কপালৰ ব্যায়াম- চেলাউৰি দুটা ওপৰ তল ৩০ বাৰ কৰিব লাগে, তাৰ পিছত চেলাউৰি আঙুলি দুটা থৈ তলৰ পিনে টানিব চেষ্টা কৰিব লাগে আৰু কপালখন ওপৰপিনে এনে কৰিলে কপাল কোঁচ খোৱা বা তেনেধৰণৰ সমস্যাৰ পাৰ হাত সাৰিব পাৰি । চকুৰ বাবে হ’ল – চকুযুৰি টানকৈ মুদিব আৰু এৰিব লাগে, এনেকৈ ৩০ বাৰ নিয়মিত কৰিলে ছাইড শোতোৰা পৰা ভাল হয় , শুকান ছালৰ লোকসকলৰ ছালত সোনকালেই এই সমস্যাই দেখা দিয়ে। মাছাজ কৰাৰ সময়তো চকুৰ ছাইডৰ খিনি ঘূৰণীয়াকৈ মাছাজ কৰিব লাগে । যিসকলৰ চকুৰ তল ফুলি যায় বা ওলমি যায় তেওঁলোক আঙুলি দুটাৰে তলত ধৰি টানিব চেষ্টা কৰিব লাগে আৰু চকু দুটাৰে ওপৰলৈ চাবলৈ । যিসকলৰ গালৰ ছাল ওলমি আছে বা শোতোৰা পাৰে বা হাঁহিৰ বাবে তেওঁলোকে ওঁঠটো জোঙা কৰি টানিব লাগে আৰু হাঁহি দিব লাগে৷ তাৰ পিছত ওঁঠকেইটা জোঙা কৰিব লাগে আৰু হাতেৰে দুফালে টানিব চেষ্টা কৰিব লাগে

LEAVE A REPLY

Please enter your comment!
Please enter your name here