মধুৰিআমৰ পাতৰ আচৰিত উপকাৰিতা কি আপুনি জানেনে ?

0
348

আমি সকলোৱে সচৰাচৰ খাই থকা বা বহু গুণেৰে ভৰপূৰ এবিধ ফল হল মধুৰিআম কিন্তু মধুৰিআম পাতৰো আছে অনেক গুণ । জানেনে আপুনি মধুৰিআমৰ পাতৰ কি কি গুণ আছে ?

মধুৰিআমৰ পাত ব্যৱহাৰ কৰি আমি চুলি সৰা সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰো । আধা লিটাৰ পানীত মধুৰিআমৰ পাত দি ভালদৰে উতলোৱাৰ পিছত ঠাণ্ডা হ’লে সেই পানীখিনিৰে ছেম্পু কৰাৰ পিছত সেই পানীৰে চুলি ধুলে চুলি সৰা সমস্যাৰ পৰা হাত সৰাৰ লগতে চুলিখিনি মজবুত আৰু ধুনীয়া হয় ।

শালমইনা হ’লে মধুৰিআমৰ পাত পিচি ৰাতিটো গালত লগাই পুৱা ধুই দিব লাগে তেনে কৰিলে শালমইনাৰ পৰা হাত সৰাৰ লগতে ছালখন উজ্জ্বল আৰু ধুনীয়া হয় । সৰু ল’ৰা ছোৱালীৰ যদি পনীয়া শৌচ হয় মধুৰিআমৰ কোমল পাতৰ ৰস খালে তাৰ পৰা সুফল লাভ কৰিব পাৰি ।

এলাৰ্জি হ’লেও ইয়াৰ পাতেৰে ভাল কৰে৷ এলাৰ্জি হোৱাত ঠাই লগাই দিলে সুফল লাভ কৰিব পাৰে। ডায়েবেটিছ ৰোগৰ বাবেও ইয়াৰ পাত উপকাৰী, মধুৰিআমৰ পাত শুকাই গুৰি কৰি নিতৌ পানীৰ লগত মিহলাই খালে সুফল লাভ কৰিব পাৰে ।

লিভাৰৰ সমস্যা হ’লে বা ফেটি লিভাৰ হ’লে মধুৰিআমৰ পাতৰ ৰস খালী পেটত নিতৌ এগিলাচ সেৱন কৰিলে তাৰ পৰা সুফল লাভ কৰিব পাৰি । বদ হজম বা অসুখ হলে মধুৰিআমৰ পাতৰ ৰসৰ লগত ক’লা নিমখ মিহলাই দিনে তিনিবাৰকৈ খালে পেটৰ অসুখৰ পৰা সুফল লাভ কৰিব পাৰি ।

ডেংগু হ’লে ইয়াৰ পাতৰ ৰস তিনিবাৰকৈ খালে সুফল লাভ কৰিব । আমি সদায় খালী পেটত কোমল পাত খালে বিভিন্ন ৰোগৰ পৰা হাত সাৰিব পাৰো ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here