কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মৃত বাঘ উদ্ধাৰ

0
395

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা ৰেঞ্জৰ দ্বিতীয় সংযোজন সীমাতে থকা এক নং শিলডুবিত এটা ঢেঁকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ হয়৷ 
স্থানীয় ৰাইজে মৃত বাঘটো প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়ে৷ 
মৃত বাঘটোৰ নিচেই কাষতে এটা মৰা গৰুৰ মৃতদেহো উদ্ধাৰ হয়৷ গৰুটোৰ পিছৰ একাংশ বাঘে খোৱা অৱস্থাত পোৱা গৈছে৷ 
বাঘৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উপ-বন সংৰক্ষক খৰ্গ সিং ডেকাৰজা, গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মাকে ধৰি উচ্চপদস্থ বিষয়াসকল উপস্থিত হৈ বাঘটোৰ মৃত্যুৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰে৷ 
তদন্তৰ বাবে বিভাগীয় পশু চিকিৎসক কৰুণাকান্ত ডেকা আৰু কাজিৰঙা বন্যপ্ৰাণী পুনৰসংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ জ্যেষ্ঠ পশু চিকিৎসক ডাঃ চামচুল আলীও ঘটনাস্থলীত উপস্থিত হৈ ফৰেনছিক পৰীক্ষাৰ বাবে মৃত বাঘটোৰ লগতে বাঘে খোৱা গৰুটোৰ শৰীৰৰ নমুনা সংগ্ৰহ কৰে৷  
মৰণোত্তৰ পৰীক্ষাৰ পাছতহে বাঘটোৰ মৃত্যুৰ কাৰণ জানিব পৰা যাব যদিও প্ৰাৰম্ভিক অনুসন্ধানৰ আধাৰত ঢেঁকীয়াপতীয়া বাঘটো বিষক্ৰিয়াৰ ফলত মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here