Home Beauty Plus কম বয়সতে হাতৰ ছাল কোঁচ খাইছে নেকি ? Is your hand skin...

কম বয়সতে হাতৰ ছাল কোঁচ খাইছে নেকি ? Is your hand skin sagging at a young age?

আমি মুখৰ ছালখন ভালে ৰাখিবলৈ অশেষ যত্ন কৰোঁ৷ বিভিন্ন ধৰণৰ প্ৰসাধন সামগ্ৰী, স্ক্ৰাবিং কৰা, উন্নত ব্ৰেণ্ডৰ ক্ৰিম লগোৱা আদি নানা পৰিচৰ্যা কৰোঁ৷ ইয়াৰ সমান্তৰালভাৱে কিন্তু হাতৰ ছালখনৰ কথা পাহৰিয়েই যাওঁ৷ এইদৰে অৱহেলাৰ কৰাৰ ফলত হাতখনত মুখৰ লেখীয়া বয়সৰ চাপ পাৰে, আনকি হাতৰ ছালখন কোঁচ খাই যায়৷ ইয়াৰ পৰা পৰিত্ৰাণ কিদৰে পাব পাৰি জানো আহক৷

(১) ৰ’দৰ পৰা ওলোৱা অতিবেঙুনীয়া ৰশ্মিয়ে যে অকল মুখখনৰ ছালৰ ক্ষতি কৰে তেনে নহয়৷ হাতৰ ছালৰো যথেষ্ট ক্ষতি কৰে৷ সেয়েহে ৰ’দত ওলালে মুখত সনাৰ দৰে হাততো ছানক্ৰীন সানি লওক৷ ইয়ে হাতৰ ছালখনক বচাই ৰাখিব৷


(২) হাতৰ ছালখন ভালে ৰখাৰ উপায় হ’ল নিয়মিতৰূপে হাতত ক্ৰীম সনা৷ ৰাতি শোৱাৰ আগতে হাত দুখনত ক্ৰীম ঘঁহিব৷ ইয়ে ছালখনক মসৃণ আৰু মুলাময় কৰি ৰাখিব৷


(৩) সঘনাই চাবোন বা ছেনিটাইজাৰ লগোৱোৰ ফলত হাত দুখনৰ ছালৰ স্বাভাৱিক আদ্ৰৰ্তা হ্ৰাস পায়৷ সেয়েহে যিমানবাৰ হাত ধুব, সিমান বাৰেই মইশ্বৰাইজাৰ লগাওক৷ এনে কৰিলে হাতৰ ছালখনৰ শুষ্কতা দূৰ হয়৷

Best Ways To Get Soft And Beautiful Hands


(৪) ঘৰত কাম কৰাৰ ক্ষেত্ৰত বহু সময় ধৰি পানীৰ সংস্পৰ্শত থকা হয়৷ অত্যধিক পানীৰ ব্যৱহাৰেও হাতৰ ছালখনত প্ৰভাৱ পেলাব পাৰে৷ তেনে সময়ত হাতত গ্ল’ভছ পিন্ধি লওক৷


(৫) হাতৰ ছালখন ভালে ৰাখিবলৈ মাজে মাজে পাৰ্লাৰলৈ গৈ অথবা ঘৰতে ঘৰুৱা উপায়েৰে manicure কৰিব লাগে৷ এনে কৰিলে হাতত বয়সৰ চাপ নপৰে আৰু হাত দুখন উজ্জ্বল আৰু নৰম হৈ থাকে৷

very useful website

5.0 rating
November 6, 2021

For me, health is everything. Without a healthy body we cannot perform our level best. So, people, who are concern about their health, can visit this website regularly.

https://dibakarbordoloi.in

Strong information on health

5.0 rating
March 12, 2021

From this website anyone can get good information on health. As health is wealth, so, following this website let’s take care for our health.

Again Kumar Nath

Most Popular

কণ্টেইনমেণ্ট জ’ন হ’ল সন্দিকৈ মহাবিদ্যালয়

অসমত এতিয়াও ক’ভিড পৰিস্থিতি সম্পূৰ্ণ নিৰ্মূল হোৱা নাই৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ক’ভিডৰ সংক্ৰমণ অব্যাহত আছে৷ আনহাতে পুনৰ শিক্ষানুষ্ঠানৰ শিক্ষা আৰম্ভ হোৱাৰ লগে...

ভাৰত পালেহি বিশ্বত্ৰাস অমিক্ৰন

ভাৰতত দুজন ব্যক্তিৰ দেহত ক’ভিড-১৯ৰ অমিক্ৰন ভেৰিয়েণ্টৰ সংক্ৰমণ হোৱা ধৰা পৰিছে৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে এই কথা কয়৷ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা অমিক্ৰন...

আলমণ্ড খোৱাৰ সঠিক নিয়ম জানেনে? Know the actual way of consuming almonds?

Dry Fruits-ৰ ভিতৰত আলমণ্ড অন্যতম৷ কাজু বাদাম, কাঠ বাদামৰ দৰে আলমণ্ডকো মানুহে খাই খুব ভাল পায়৷ ই খাবলৈ সোৱাদযুক্ত হোৱাৰ লগতে প্ৰচুৰ...

শীতত টোপনি বেছি হোৱাৰ কাৰণ কি? Why do we sleep more in winter?

ঠাণ্ডাৰ দিনত বিছনাত গৰম কাপোৰ পাৰি শোৱাৰ মজাই বেলেগ৷ সমান্তৰালভাৱে শীতৰ ৰাতিপুৱা বিছনাৰ পৰা উঠিবও মন...

Recent Comments