Home Diet Plus ঔষধি গুণসম্পন্ন কলপচলা খালে কি লাভ হয় ?

ঔষধি গুণসম্পন্ন কলপচলা খালে কি লাভ হয় ?

বৰ্তমান সময়ত বজাৰত কল পচলাৰে ভৰি পৰিছে৷ কল পচলাৰে সৰু মাছৰ লগত ৰন্ধা ব্যঞ্জনখনে সকলোকে জিভাৰ পানী পেলায়৷ এই ব্যঞ্জনখন অত্যন্ত সোৱাদযুক্ত হোৱাৰ লগতে শৰীৰৰো উপকাৰ সাধন কৰে৷ 
কল পচলা যে অকল খাবলৈ সোৱাদেই এনে নহয়, ই আমাৰ শৰীৰক বিভিন্ন প্ৰকাৰে সহায় কৰে৷ সাধাৰণতে আঞ্জা হিচাপে খাবলৈ ব্যৱহাৰ কৰা কলগছৰ পুলিকে কল পচলা বোলা হয়৷ কল পচলা বিভিন্ন ঔষধি গুণেৰে ভৰপূৰ৷ জানো আহক কল পচলাই আমাৰ কি উপকাৰ সাধন কৰে৷ 
কল পচলাই ইউৰিক এচিডৰ সমস্যা নিৰাময় কৰে৷ কল পচলাত অতিৰিক্তভাৱে আইৰন পোৱা যায়৷ সেয়েহে যিসকলৰ আইৰনজনিত সমস্যা আছে, তেওঁলোকে কল পচলা খোৱা অত্যন্ত জৰুৰী৷ কল পচলাৰ ৰস উলিয়াই খালে শৰীৰৰ বিভিন্ন সমস্যা সমাধান হয়৷ 
কল পচলাত প্ৰচুৰ পৰিমাণে ফাইবাৰ থকা বাৰে কোষ্ঠকাঠিন্যৰ সমস্যা, হজমৰ সমস্যা আদি নিৰাময় হয়৷ ৰক্তহীনতাৰ সমস্যা, উচ্চ ৰক্তচাপৰ সমস্যা, কলেষ্টৰেলৰ সমস্যা, ডায়েবেটিছ ৰোগী, লিভাৰৰ সমস্যা, জণ্ডিচৰ সমস্যা আদি সকলো সমস্যা নিৰাময়ৰ বাবে দৈনিক কল পচলা খালে সুফল পোৱা যায়৷ মুঠতে, আমাৰ শৰীৰত কল পচলাই অত্যন্ত কাৰ্যকৰী হিচাপে কাম কৰে৷

Appreciation

5.0 rating
March 31, 2022

Very informative. Helpful for people irrespective of age, gender, education and to develop fundamental knowledge on various food and beverages around us.

H. Bharadwaj

very useful website

5.0 rating
November 6, 2021

For me, health is everything. Without a healthy body we cannot perform our level best. So, people, who are concern about their health, can visit this website regularly.

https://dibakarbordoloi.in

Strong information on health

5.0 rating
March 12, 2021

From this website anyone can get good information on health. As health is wealth, so, following this website let’s take care for our health.

Again Kumar Nath

Most Popular

ডায়েবেটিছ ৰোগীৰ বাবে আশীৰ্বাদস্বৰূপ এইবিধ পাচলি

তিতা কেৰেলা বহুতেই খাবলৈ বেয়া পায়৷ তিতা কেৰেলা বুলিলে নাক কোঁচোৱা মানুহৰ সংখ্যা সৰহ৷ অৱশ্যে আজিকালি ইয়াৰ...

কোনখন দেশ ডিজিটেল লেনদেনত বিশ্বৰ ভিতৰত শীৰ্ষত ?

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কয় যে ইউনিফাইড পেমেণ্ট ইণ্টাৰফে’চৰ যোগেদি ভাৰতত ধনৰ লেনদেনৰ পৰিমাণ ২০২২ বিত্তীয় বৰ্ষত...

১ জুলাইৰ পৰা নিষিদ্ধ ছিংগল ইউজ প্লাষ্টিক

২০২২ চনৰ ভিতৰত ছিংগল ইউজ প্লাষ্টিক অৰ্থাৎ এবাৰ ব্যৱহাৰ কৰি পেলাই দিয়া প্লাষ্টিকৰ সামগ্ৰী ক্ৰমশঃ নাইকিয়া কৰাৰ পদক্ষেপত...

১৪৭ বছৰৰ পাছত আটাইতকৈ বেছি গৰম : ক’ত ?

জাপানত, বিশেষকৈ পূব জাপানত প্ৰচণ্ড গৰমে স্বাভাৱিক জীৱনত প্ৰভাৱ পেলাইছে৷ পূব জাপানত এক জুলাইৰ দিনটোকে ধৰি যোৱা এসপ্তাহ...

Recent Comments