জোতাৰ সহায়ত ম’বাইলৰ বেটাৰী চাৰ্জ কৰাৰ উপায় উদ্‌ঘাটন

0
539

ইটোৰ পাছত সিটো নৱ উদ্‌ঘাটনেৰে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই অনা যুৱ উদ্‌ঘাটক ড॰ জ্ঞানোজ্জ্বল বৰশইকীয়াই এক বিশেষ কৌশলেৰে বিদ্যুতৰ সহায় নোলোৱাকৈ পিন্ধি যোৱা জোতাৰ সহায়ত ম’বাইলৰ বেটাৰী চাৰ্জ কৰাৰ উপায় উদ্‌ঘাটনেৰে বৌদ্ধিক জগতৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ 
শেহতীয়া তথ্য অনুসৰি ড॰ জ্ঞানোজ্জ্বলে জোতা পৰিধান কৰি খোজ কাঢ়োতে ভৰিৰ শক্তিক বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰি পিন্ধি যোৱা জোতাৰ ভিতৰত ডিভাইজৰ লগত কেবলৰ সংযোগ কৰি বেটাৰী চাৰ্জ কৰাৰ এক অনন্য কৌশল উলিয়াবলৈ সক্ষম হৈছে৷ 
এই সন্দৰ্ভত ড॰ জ্ঞানোজ্জ্বলৰ পৰা জানিব পৰা অনুসৰি পকেটত ম’বাইলটো ভৰাই লৈ তাৰ পৰা পিন্ধি থকা জোতাৰ ভিতৰত সংস্থাপন কৰা ডিভাইজৰ লগত কেবল সংযোগ কৰি বিদ্যুতৰ সহায়ত যিদৰে পাৱাৰ বেংকত প্ৰয়োজনীয় বিদ্যুৎ শক্তি সংৰক্ষণ কৰা হয়, সেইদৰে পকেটৰ ম’বাইল  চাৰ্জ হোৱাৰ সমান্তৰালকৈ ডিভাইজত প্ৰয়োজনীয় বিদ্যুৎ জমা কৰি ৰাখিব পাৰি৷ 
তদুপৰি যুৱ উদ্ভাৱকজনে জনাইছে যে ডিভাইজৰ সহায়ত উল্লিখিত প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিবলৈ দুহেজাৰ খোজ কাঢ়িব লাগিব৷ উল্লেখনীয় যে ইয়াৰ পূৰ্বে ড॰ জ্ঞানোজ্জ্বলে ৰবটৰ সহায়ত চলাচল কৰিব পৰা অট’মেটিক ছেনিটাইজিং মেচিন, অন্ধ লোকৰ বাবে এক বিশেষ চছ্‌মা, তিনিটা ঠেং থকা অথবা কুকুৰৰ এখন ঠেং বিকল হ’লে খোজকাঢ়িবৰ বাবে ভৰিত লগাই দিব পৰা মেচিনযুক্ত ঠেং আৰু মহিলাসকলৰ কোনো বিপদৰ পৰা নিজকে ৰক্ষা কৰিব পৰা এবিধ বিশেষ জোতা উদ্‌ঘাটন কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here