Home Daily news ইথানল উৎপাদন কৰিবলৈ ব্যৱহাৰ কৰা হ’ব নৰা

ইথানল উৎপাদন কৰিবলৈ ব্যৱহাৰ কৰা হ’ব নৰা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে পেট্ৰলৰ সৈতে ইথানল মিহলাই দেশে  ৫০ হাজাৰ কোটি টকা বিদেশলৈ যোৱাৰ পৰা ৰাহি কৰিছে৷ পানীপটত ইণ্ডিয়া অইল কৰ্প’ৰেশ্যনৰ দ্বিতীয় প্ৰজন্মৰ ইথানল প্ৰকল্প দেশৰ বাবে উচৰ্গা কৰি মোদীয়ে আৰু কয় যে সেই ৫০ হাজাৰ কোটি টকা কৃষকৰ হাতলৈ গৈছে৷ ইথানল প্ৰকল্প উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা জনসাধাৰণক ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি ভাষণ দি মোদীয়ে কয় যে ৯০০ কোটিটকীয়া এই প্ৰকল্পই খেতিপথাৰত নৰা জ্বলোৱা সমস্যাৰ এটা স্থায়ী সমাধান দিব৷ 
তদুপৰি নৰাবোৰ কৃষকৰ উপাৰ্জনৰ আহিলা হৈ পৰিব৷ মোদীয়ে কয় যে যোৱা আঠ বছৰত ইথানলৰ উৎপাদন ৪০ কোটি লিটাৰৰ পৰা ৪০০ কোটি লিটাৰলৈ বৃদ্ধি পাইছে৷ তেওঁ আৰু কয় যে পানীপটত স্থাপন কৰা এই ইথানল প্ৰকল্পই হাৰিয়ানা আৰু দিল্লীত প্ৰদূষণ হ্ৰাস কৰিব৷ এই প্ৰকল্পটোত বাৰ্ষিক ৩ কোটি লিটাৰ ইথানল উৎপাদন কৰিবলৈ ২ লাখ টন ধানৰ নৰা ব্যৱহাৰ কৰা হ’ব৷ মোদীয়ে কয় যে কেইবছৰমানৰ ভিতৰতে ভাৰতৰ ৭৫ শতাংশ পৰিয়ালে পাইপেৰে যোগান ধৰা গেছ লাভ কৰিব৷

Appreciation

5.0 rating
March 31, 2022

Very informative. Helpful for people irrespective of age, gender, education and to develop fundamental knowledge on various food and beverages around us.

H. Bharadwaj

very useful website

5.0 rating
November 6, 2021

For me, health is everything. Without a healthy body we cannot perform our level best. So, people, who are concern about their health, can visit this website regularly.

https://dibakarbordoloi.in

Strong information on health

5.0 rating
March 12, 2021

From this website anyone can get good information on health. As health is wealth, so, following this website let’s take care for our health.

Again Kumar Nath

Most Popular

আলুৰ বাকলিত লুকাই আছে একাধিক উপকাৰী গুণ

খাদ্য হিচাপে গ্ৰহণ কৰাৰ সময়ত আলুক বীজটোৰ পৰা বাকলি গুচাই দিহে ব্যঞ্জন হিচাপে ব্যৱহাৰ কৰোঁ৷ প্ৰায়ভাগ লোকেই আলুৰ...

ঘৰুৱা পদ্ধতিৰে সহজে পৰিষ্কাৰ কৰক কাণৰ ময়লা

কাণৰ খোল বা ময়লাক চিকিৎসা বিজ্ঞানৰ ভাষাত চেৰুমেন বুলি কোৱা হয়৷ এই চেৰুমেনে কৰ্ণকূহৰৰ ছালখনৰ সুস্বাস্থ্য বজাই ৰখাৰ...

এই মাহত ম্যাদ শেষ হ’ব খাদ্য নিৰাপত্তা আঁচনিৰ

কেন্দ্ৰই প্ৰৱৰ্তন কৰা খাদ্য নিৰাপত্তা আঁচনিখনৰ ম্যাদ এই মাহত শেষ হ’ব৷ বিনামূলীয়া খাদ্য যোগানৰ এই আঁচনিখনৰ ম্যাদ পুনৰ...

উপ-ৰাষ্ট্ৰীয় পলিঅ’ প্ৰতিষেধক প্ৰদান অভিযানৰ উদ্বোধন স্বাস্থ্য মন্ত্ৰীৰ

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই মৰিগাঁও জিলাৰ ভূৰবন্ধা এম ভি স্কুলত উপস্থিত হৈ উপ-ৰাষ্ট্ৰীয় পলিঅ’ প্ৰতিষেধক...

Recent Comments