উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো ড্ৰন পাইলট প্ৰশিক্ষণ প্ৰতিষ্ঠান উদ্বোধন

0
161

উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো ড্ৰন পাইলট প্ৰশিক্ষণ প্ৰতিষ্ঠান ‘এমট্ৰন ড্ৰন স্কুল’ বৰঝাৰৰ সমীপৱৰ্তী টেক চিটিত আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে ৰাজ্যৰ তথ্য-প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই৷ ৰাজ্য চৰকাৰৰ তথ্য-প্ৰযুক্তি বিভাগৰ অধীনৰ প্ৰতিষ্ঠান এমট্ৰনৰ দ্বাৰা পৰিচালিত গুৱাহাটী টেক চিটি প্ৰকল্পৰ অংশ হিচাপে এই ড্ৰন পাইলট প্ৰশিক্ষণ প্ৰতিষ্ঠানটো স্থাপন কৰা হৈছে৷ কেন্দ্ৰীয় চৰকাৰৰ অসামৰিক বিমান পৰিবহণ মহানিৰ্দেশালয়ে ইতিমধ্যে এমট্ৰন ড্ৰন স্কুলক ৰিমোট পাইলট অনুজ্ঞাপত্ৰৰ প্ৰশিক্ষণ পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ অনুমতি প্ৰদান কৰিছে৷  প্ৰতিষ্ঠানটো উদ্বোধন কৰি ৰাজ্যৰ তথ্য-প্ৰযুক্তি মন্ত্ৰী মহন্তই কয় যে অসমৰ যুৱ প্ৰজন্মৰ বাবে ড্ৰন প্ৰযুক্তিয়ে কঢ়িয়াই অনা অপাৰ সম্ভাৱনাৰ দুৱাৰ মুকলি কৰি দিয়াৰ উদ্যোগ লৈছে৷ 
এমট্ৰন ড্ৰন স্কুলে স্থানীয় যুৱক-যুৱতীসকলৰ মাজত ড্ৰনৰ ৰিম’ট পাইলট প্ৰযুক্তি বিষয়ক দক্ষতা বৃদ্ধিত সহায় কৰি অতি সম্ভাৱনাপূৰ্ণ ভাৰতীয় ড্ৰন উদ্যোগৰ ক্ষেত্ৰত সংস্থাপনৰপথো প্ৰশস্ত কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে৷ এই উদ্বোধনী অনুষ্ঠানত পশ্চিম গুৱাহাটীৰ বিধায়ক তথা এমট্ৰনৰ অধ্যক্ষ ৰমেন্দ্ৰ নাৰায়ণ কলিতা, এমট্ৰনৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মা, তথ্য-প্ৰযুক্তি বিভাগৰ প্ৰধান সচিব অনুৰাগ গোৱেল, ৰাজ্যৰ প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদৱ, ৰাজ্য চৰকাৰৰ তথ্য-প্ৰযুক্তি, ইলেক্‌ট্ৰনিক্‌ছ আৰু যোগাযোগ সঞ্চালকালয়ৰ সঞ্চালক স্বপ্নিল পাল, এমট্ৰনৰ পৰিচালন সঞ্চালক এছ সুন্দৰ,¸ আগশাৰীৰ ভাৰতীয় তথ্য-প্ৰযুক্তি পৰামৰ্শদাতা প্ৰতিষ্ঠান আই-ছেকৰ পৰিচালন সঞ্চালক অমৃতা সিং, ভাৰত চৰকাৰৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰ্যালয়ৰ পৰামৰ্শদাতা সমিতিৰ সদস্য পংকজ পাঠকৰ লগতে এডু-ৰাডৰ কাৰ্যবাহী আৰু প্ৰথমটো বেটচৰ প্ৰশিক্ষাৰ্থীসকলেও অংশগ্ৰহণ কৰে

LEAVE A REPLY

Please enter your comment!
Please enter your name here