শেৱালি ফুল অকল দেখিবলৈয়েই ধুনীয়া বা অকল সুগন্ধি যুক্তই নহয় ইয়াৰ বহুতো ঔষধি গুণো আছে । শেৱালি ফুলক ইংৰাজীত night jesmin বুলি কোৱা হয় । শেৱালি ফুলে শৰৎ আগমনৰ আগজাননী দিয়ে । শেৱালি ফুল ৰাতি ফুলে, দিনত নুফুলে । শেৱালি ফুলৰ পাত আৰু ফুল বিভিন্ন ৰোগত অতীতৰে পৰা ব্যৱহাৰ কৰি আহিছে । শেৱালি ফুলৰ বিভিন্ন ব্যঞ্জন বনাই খোৱাও হয় । মেলেৰিয়া , ডেংগু আদি বিভিন্ন প্ৰকাৰৰ জ্বৰত শেৱালি ফুল আৰু পাত উত্তম । ফুল আৰু পাতে আমাৰ তেজৰ প্লেটিলেটৰ পৰিমাণ বঢ়ায় আৰু দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে । কৃমি পেলুৰ পৰা হাত সাৰিবৰ বাবে শেৱালি ফুলৰ পাত অতি উত্তম । পাতৰ ৰসত মৌ বা মিচিৰি মিহলাই সেৱন কৰিব পাৰে । শেৱালি ফুল বনাই খালেও ইয়াৰ ফল লাভ কৰিব পাৰি । গাঁঠিৰ বিষ বা স্নায়ুজনিত সমস্যাত শেৱালিৰ পাতৰ পৰা তৈয়াৰ কৰা বনৌষধি চাহ যথেষ্ট উপকাৰী । শেৱালি ফুলৰ পাতৰ ৰস গৰম পানীৰ লগত মিহলাই বা চাহ হিচাপে খালে মহিলাসকলৰ মাহেকীয়া সময়ত হোৱা পেটৰ বিষৰ পৰা সুফল লাভ কৰিব পাৰে ।
“আমোলমোল শেৱালিৰ গোন্ধ”! আৰু কি আছে শেৱালি ফুলৰ ৰহস্য
By Health Plus
512
Previous articleপুৱাই খালী পেটত কুহুমীয়া পানী খাওক
Next articleমচুৰ দাইলৰ কি আছে বিশেষ উপকাৰিতা
RELATED ARTICLES
মনৰ পৰা এইবোৰ ভাবনা দূৰকৰিলে নিজেই নিজৰ অনুপ্ৰেৰণা হ’ব
Health Plus - 0
এজন সুস্থ-সবল মানবৰ হিচাপে জীৱন নিৰ্বাহ কৰিবলৈ শাৰীৰিক সুস্থতাৰ লগতে প্ৰয়োজন মানসিক দৃঢ়তাও৷ মানৱ জীৱনত কিন্তু সকলো সময়তে...
কেঁচা বুটৰ উপকাৰিতাজানিলে আচৰিত হ’ব
Health Plus - 0
বুট আমাৰ সকলোৰে পৰিচিত এবিধ খাদ্য৷ অসমীয়া সমাজত বুটৰ সমাদৰ যথেষ্ট৷ কিয়নো মাংগলিক কাৰ্যত বুটৰ প্ৰসাদ নহ’লে সকলো অসম্পূৰ্ণ৷ বুট প্ৰধানকৈ কেঁচাই...
শীতকালত মূলা খোৱা কিয়আৱশ্যক জানো আহক
Health Plus - 0
শীতকালৰ পাচলিসমূহ ভিতৰত মূলা অন্যতম৷ চবজি বনাই, চালাড বা কেঁচাই মূলা খোৱা হয়৷ মূলাৰ পুষ্টিকৰ উপাদানৰ অভাৱ নাই৷ মূলাত ভিটামিন-এ, ভিটামিন-বি. আইৰন,...
Most Popular
৮০০ কোটি বছৰৰ আগৰ ৰেডিঅ’ সংকেত আৱিষ্কাৰ ভাৰতীয় বিজ্ঞানীৰ!
মহাকাশত পুনৰ চমক সৃষ্টি কৰিলে ভাৰতীয় বিজ্ঞানীয়ে৷ মঙল গ্ৰহৰ তৰংগৰ স্ৰোত আৱিষ্কাৰৰ সময়ত ৮০০ কোটি বছৰ আগৰ ৰেডিঅ’ সংকেত ধৰা পেলাবলৈ সমৰ্থ...
প্ৰকৃতিৰ জামাদাৰখ্যাত শগুনৰঅস্বাভাৱিক মৃত্যু ঃ ক’ত?
পক্ষীকুল ৰক্ষা কৰাৰ সময়তে শিৱসাগৰত এজাক পক্ষীকুলৰ নিধনত ব্যথিত হৈছে প্ৰকৃতিপ্ৰেমী৷ প্ৰকৃতিৰ চাফাই কৰ্মীৰূপে খ্যাত আকাশ শুৱনি কৰা এজাক শগুন শিৱসাগৰ নগৰৰ...
বুকিং আৰম্ভ বিশ্বৰ প্ৰথমখনউৰন্ত মটৰচাইকেলৰ
বাইক বা মটৰচাইকেল সকলোৱে দেখিছে বা কেনেদৰে চলে সেয়াও সকলোৰে জ্ঞাত৷ পথ ৰাস্তাত চলা মটৰচাইকেল সকলোৱে দেখিব, কিন্তু উৰিব পৰা মটৰ চাইকেল...
অন্তঃসত্ত্বা মহিলাক ৩৩ সপ্তাহৰ পাছতগৰ্ভপাত কৰোৱাৰ অনুমতি ন্যায়ালয়ৰ
অন্তঃসত্ত্বা অৱস্থাত যিকোনো সময়ত কোনো সমস্যা দেখা দিয়ে, তেন্তে ভ্ৰূণৰ বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ শেহতীয়াকৈ এক খবৰ মতে ২৯ সপ্তাহৰ এগৰাকী...