মচুৰ দাইলৰ কি আছে বিশেষ উপকাৰিতা

0
687

মচুৰ দাইল খোৱাৰ লগতে আপুনি ছালতো ব্যৱহাৰ কৰিলে বহুতো উপকাৰ লাভ কৰিব পাৰে । ইয়াত প্ৰচুৰ পৰিমাণে ফচফৰাছ পোৱা যায়, যিটো শৰীৰৰ হাড়ৰ আৰু দাঁতৰ বাবে খুবেই ভাল । ভিটামিন D9 আৰু ফলিক এচিড থকা বাবে তেজ গঠন হোৱাত সহায় কৰে। বিশেষকৈ RBC গঠন হোৱাত সহায় কৰে । ছালত থকা দাগ আঁতৰাবলৈ মচুৰ দাইল ব্যৱহাৰ কৰা হয় । সূৰ্যৰ পৰা ওলোৱা অতিৰশ্মিয়ে যি অপকাৰ কৰে, তাৰ পৰা সকাহ পোৱাত মচুৰ দাইলে সহায় কৰে । নাৰ্ভৰ ৰোগৰ বাবে ই বহুতেই ভাল হয় লগতে ডায়েবেটিছ ৰোগীসকলৰ বাবেও উপকাৰী । মচুৰ দাইলৰ ফলত ইমিউনিটিও বঢ়া দেখা যায়।

কিয় অপকাৰী বুলি কোৱা হয় ?
মচুৰ দাইলত সহজতে পোক পৰুৱাই ধৰে৷ সেয়ে তাৰ পৰা হাত সাৰিবলৈ তাত লাইক ফচফেট বা তেনেধৰণৰ কিছুমান কেমিকেল ব্যৱহাৰ হয় আৰু খাদ্যৰ জৰিয়তে আমাৰ দেহলৈ যাব পাৰে, যিটো শৰীৰৰ বাবে অপকাৰী । সপ্তাহত দুদিনকৈ বা আন দালিৰ লগত মিহলাই খালে অপকাৰ নকৰে । এঘণ্টা পানীত তিয়াই থ’লে তাত থকা কেমিকেলখিনি নোহোৱা হৈ যায় । উতলালে যিটো বগা ফেন আহে সেইটো পেলাই দিলে অপকাৰৰ পৰা হাত সাৰিব পাৰি। বেছিকৈ খালে ইউৰিক এচিড বাঢ়িব পাৰে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here