“আমোলমোল শেৱালিৰ গোন্ধ”! আৰু কি আছে শেৱালি ফুলৰ ৰহস্য

0
1169

শেৱালি ফুল অকল দেখিবলৈয়েই ধুনীয়া বা অকল সুগন্ধি যুক্তই নহয় ইয়াৰ বহুতো ঔষধি গুণো আছে । শেৱালি ফুলক ইংৰাজীত night jesmin বুলি কোৱা হয় । শেৱালি ফুলে শৰৎ আগমনৰ আগজাননী দিয়ে । শেৱালি ফুল ৰাতি ফুলে, দিনত নুফুলে । শেৱালি ফুলৰ পাত আৰু ফুল বিভিন্ন ৰোগত অতীতৰে পৰা ব্যৱহাৰ কৰি আহিছে । শেৱালি ফুলৰ বিভিন্ন ব্যঞ্জন বনাই খোৱাও হয় । মেলেৰিয়া , ডেংগু আদি বিভিন্ন প্ৰকাৰৰ জ্বৰত শেৱালি ফুল আৰু পাত উত্তম । ফুল আৰু পাতে আমাৰ তেজৰ প্লেটিলেটৰ পৰিমাণ বঢ়ায় আৰু দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে । কৃমি পেলুৰ পৰা হাত সাৰিবৰ বাবে শেৱালি ফুলৰ পাত অতি উত্তম । পাতৰ ৰসত মৌ বা মিচিৰি মিহলাই সেৱন কৰিব পাৰে । শেৱালি ফুল বনাই খালেও ইয়াৰ ফল লাভ কৰিব পাৰি । গাঁঠিৰ বিষ বা স্নায়ুজনিত সমস্যাত শেৱালিৰ পাতৰ পৰা তৈয়াৰ কৰা বনৌষধি চাহ যথেষ্ট উপকাৰী । শেৱালি ফুলৰ পাতৰ ৰস গৰম পানীৰ লগত মিহলাই বা চাহ হিচাপে খালে মহিলাসকলৰ মাহেকীয়া সময়ত হোৱা পেটৰ বিষৰ পৰা সুফল লাভ কৰিব পাৰে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here