Home Daily news অসমত কম বয়সতে মাতৃত্বৰ বোজালোৱাৰ হাৰ শুনিলে আচৰিত হ’ব

অসমত কম বয়সতে মাতৃত্বৰ বোজালোৱাৰ হাৰ শুনিলে আচৰিত হ’ব


শেহতীয়াভাৱে ৰাজ্য চৰকাৰে বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ৰাজ্যত বাল্য বিবাহ কৰোৱাত বাবে হেজাৰোধিক লোকে জে’লত যাব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ আনহাতে স্বাস্থ্য বিভাগৰ সমীক্ষাত অসমত বাল্য বিবাহ তথা কম বয়সতে মাতৃত্বৰ বোজা লোৱাৰ এক ভয়ংকৰ তথ্য প্ৰকাশ পাইছে৷ সমীক্ষা অনুসৰি স্বাস্থ্য বিভাগত ২০২২ চনৰ জানুৱাৰীৰ পৰা ডিচেম্বৰলৈকে মুঠ ৬,২০,৮৬৭ গৰাকী গৰ্ভধাৰণ কৰা মহিলাৰ নাম পঞ্জীয়ন হৈছে৷ ইয়াৰে ১,০৪,২৬৮ গৰাকীয়েই হ’ল ১৩ ৰপৰা ১৯ বছৰ বয়সীয়া মহিলা৷ অসমত কম বয়সতে অৰ্থাৎ ১৯ বছৰৰ তলত গৰ্ভধাৰণ কৰা মাতৃৰ হাৰ ১৬.৮ শতাংশ৷ উল্লেখ্য যে ৰাজ্যৰ কিছু অঞ্চলবিশেষত এইদৰে গৰ্ভধাৰণ কৰা মাতৃৰ সংখ্যা অধিক বুলি স্বাস্থ্য বিভাগৰ সমীক্ষাৰ পৰা জানিব পৰা গৈছে৷ ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰীয়ে এই সন্দৰ্ভত কয় যে কম বয়সতে বিবাহ আৰু মাতৃত্বৰ বোজা ল’বলগীয়া হোৱাৰ ফলত প্ৰসূতি আৰু নৱজাতক মৃত্যুৰ হাৰ অসমত বেছি৷ এইবাৰ কম বয়সতে গৰ্ভধাৰণ কৰাটো ৰোধ কৰিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব৷ বাল্য বিবাহৰ উপৰি কম বয়সতে মাতৃত্বৰ বোজা এই দুয়োটাই সমাজৰ ক্ষতিকাৰক আৰু এই দুয়োটাই কঠোৰভাৱে ৰোধ কৰিব বুলি সদৰী কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মাই৷ পৰৱৰ্তী সময়ত এই সামাজিক ব্যাধি ৰোধ কৰিবলৈ কঠোৰতকৈও কঠোৰ আইন প্ৰৱৰ্তন কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে সদৰী কৰে৷

Most Popular

বেচনৰ হেয়াৰ মাস্ক : চুলিৰ যত্নত কিদৰে ব্যৱহাৰ কৰিব ?

বহু যুগ ধৰি সৌন্দৰ্য বজাই ৰখাৰ বাবে বেচন ব্যৱহাৰ হৈ আহিছে৷ ছালৰ উজ্জ্বলতা, ব্ৰুন বা মুখৰ দাগ, পিগমেণ্টটেশ্যন আদি ছালৰ যিকোনো সমস্যা...

টাইগ্ৰীছৰ পাৰত ৰহস্যময় সাম্ৰাজ্যৰ সন্ধান লাভ !

টাইগ্ৰীছ নদীৰ কাষত এখন প্ৰাচীন মহানগৰৰ সন্ধান পোৱা গৈছে৷ এই মহানগৰখন প্ৰাচীন মিট্টানি সাম্ৰাজ্যৰ আছিল৷ এই নগৰখন মিট্টানিৰ...

ৰহস্যময় মৰুভূমি ! গৰম নহয়, য’ত বৰফ পৰে ক’ত জানেনে ?

পৃথিৱীত সৰু ডাঙৰ বিভিন্ন প্ৰকাৰৰ মৰুভূ্‌মি আছে৷ ইয়াৰ ভিতৰত ভাৰতৰ থৰ আৰু আফ্ৰিকাৰ থৰ মৰুভূমিৰ নাম নিশ্চয় শুনিছে৷ মৰুভূমিবোৰ সাধাৰণতে শুষ্ক, বালিময়...

শকত হোৱাটোও অপৰাধ: ভৰিব লাগে জৰিমনা ঃ ক’ত !

শৰীৰৰ ওজন বৃদ্ধি হোৱাৰ ফলত আমাৰ নানা শাৰীৰিক সমস্যাই দেখা দিয়ে৷ মেদবহুলতা বা ওজন বৃদ্ধিৰ লগত কেইবাটাও গুৰুতৰ ৰোগৰ সম্পৰ্ক আছে৷ ইয়াৰ...