ৰাজ্যত সৰ্বাধিক চাহিদা থকা এম্বাৰগ্ৰিছ জব্দযাৰ প্ৰতি কিল’ৰ দাম ২.৫ কোটি

0
292


অসম তথা উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে জব্দ কৰা হৈছে এম্বাৰগ্ৰিছ অৰ্থাৎ তিমি মাছৰ বমি৷ যাৰ আন্তৰ্জাতিক বজাৰ মূল্য সৰ্বাধিক হিচাপে ধৰা হয়৷ ৰাজ্য চৰকাৰৰ আবকাৰী বিভাগৰ এক অভিযানত গুৱাহাটীৰ কাহিলিপাৰাৰ পৰা ১১.৫৬ কিলোগ্ৰাম ওজনৰ এই সামগ্ৰখিনি জব্দ কৰা হয়৷ প্ৰথমবাৰৰ বাবে জব্দ কৰিবলৈ সক্ষম হোৱা ধোঁৱা ক’লা বৰণীয়া এই দুষ্প্ৰাপ্য সামগ্ৰীখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত মূল্য প্ৰায় ২৭ কোটি হ’ব বুলি জানিব পৰা গৈছে৷ উল্লেখৰ প্ৰয়োজন যে এই এম্বাৰগ্ৰিছ হ’ল সাগৰ বা মহাসাগৰ পোৱা দুষ্প্ৰাপ্য স্পাৰ্ম প্ৰজাতিৰ তিমি মাছৰ অন্ত্ৰৰ পৰা উৎপত্তি হোৱা বৰ্জ্য পদাৰ্থ, যাক তিমি মাছৰ বমি বুলিও জনা যায়৷ ইয়াক আন্তঃৰাষ্ট্ৰীয় চোৰাং বজাৰত ওপঙা সোণ বুলি পৰিচিত৷ তদন্তকাৰী সংস্থাৰ মতে এই এম্বাৰগ্ৰিছ দামী পাৰফিউম বা গোন্ধহীন সুৰা প্ৰস্তুতত ব্যৱহাৰ কৰা হয়৷ আবকাৰী বিভাগে জনোৱা মতে উক্ত জব্দকৃত সামগ্ৰীখিনি চীনৰ পৰা ম্যানমাৰ হৈ মিজোৰামৰ মাজেৰে অসম হৈ বহিঃৰাজ্যলৈ প্ৰেৰণৰ চেষ্টা কৰিছিল সৰবৰাহকাৰী চক্ৰটোৱে৷ বৰ্তমান আবকাৰী বিভাগে বিষয়টো তগন্ত কৰি আছে যদিও এতিয়ালৈকে কোনোধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here