অসমত কম বয়সতে মাতৃত্বৰ বোজালোৱাৰ হাৰ শুনিলে আচৰিত হ’ব

0
882


শেহতীয়াভাৱে ৰাজ্য চৰকাৰে বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ৰাজ্যত বাল্য বিবাহ কৰোৱাত বাবে হেজাৰোধিক লোকে জে’লত যাব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ আনহাতে স্বাস্থ্য বিভাগৰ সমীক্ষাত অসমত বাল্য বিবাহ তথা কম বয়সতে মাতৃত্বৰ বোজা লোৱাৰ এক ভয়ংকৰ তথ্য প্ৰকাশ পাইছে৷ সমীক্ষা অনুসৰি স্বাস্থ্য বিভাগত ২০২২ চনৰ জানুৱাৰীৰ পৰা ডিচেম্বৰলৈকে মুঠ ৬,২০,৮৬৭ গৰাকী গৰ্ভধাৰণ কৰা মহিলাৰ নাম পঞ্জীয়ন হৈছে৷ ইয়াৰে ১,০৪,২৬৮ গৰাকীয়েই হ’ল ১৩ ৰপৰা ১৯ বছৰ বয়সীয়া মহিলা৷ অসমত কম বয়সতে অৰ্থাৎ ১৯ বছৰৰ তলত গৰ্ভধাৰণ কৰা মাতৃৰ হাৰ ১৬.৮ শতাংশ৷ উল্লেখ্য যে ৰাজ্যৰ কিছু অঞ্চলবিশেষত এইদৰে গৰ্ভধাৰণ কৰা মাতৃৰ সংখ্যা অধিক বুলি স্বাস্থ্য বিভাগৰ সমীক্ষাৰ পৰা জানিব পৰা গৈছে৷ ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰীয়ে এই সন্দৰ্ভত কয় যে কম বয়সতে বিবাহ আৰু মাতৃত্বৰ বোজা ল’বলগীয়া হোৱাৰ ফলত প্ৰসূতি আৰু নৱজাতক মৃত্যুৰ হাৰ অসমত বেছি৷ এইবাৰ কম বয়সতে গৰ্ভধাৰণ কৰাটো ৰোধ কৰিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব৷ বাল্য বিবাহৰ উপৰি কম বয়সতে মাতৃত্বৰ বোজা এই দুয়োটাই সমাজৰ ক্ষতিকাৰক আৰু এই দুয়োটাই কঠোৰভাৱে ৰোধ কৰিব বুলি সদৰী কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মাই৷ পৰৱৰ্তী সময়ত এই সামাজিক ব্যাধি ৰোধ কৰিবলৈ কঠোৰতকৈও কঠোৰ আইন প্ৰৱৰ্তন কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে সদৰী কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here