বিজ্ঞানীৰ এক নতুন খোজ : ছেটেলাইটত ধৰা পৰিল বিষ্ঠাৰ ছবি ! ক’ত?

0
187

ছেটেলাইটত কিছু উন্নত তথা ব্যতিক্ৰমী ছবি দেখি হঠাৎ বিজ্ঞানীসকলৰ সন্দেহ উপজিল৷ তাৰ পাছতে ভালদৰে পৰ্যবেক্ষণ কৰি জানিব পাৰিলে যে সেইবোৰ আচলতে বিষ্ঠাৰ ছবি৷ বৰফৰ ওপৰত বিষ্ঠাৰ ছবি দেখি উৎসুকতা বাঢ়িল আৰু সেইবোৰ দেখি আচৰিত হোৱাই নহয় এক নতুন অনুসন্ধান লাভ কৰিবলৈ সক্ষম হ’ল৷ অৰ্থাৎ আৰু এক নতুন খোজ পেলালে বিজ্ঞানীয়ে৷ ছেটেলাইট মেপিং প্ৰযুক্তি ব্যৱহাৰ কৰি এণ্টাৰ্কটিকা এম্পেৰৰ পেংগুইনৰ কলনিত খোজ দিছিল বিজ্ঞানীয়ে৷ এই নতুন উপনিৱেশ এণ্টাৰ্কটিকাৰ উপকূলৰেখাৰ সৈতে সংযোগ হৈছে৷ ইয়াত মুঠ ৬৬ পৰিচিত এম্পেৰৰ পেংগুইনৰ উপনিৱেশ পোৱা হৈছে৷ যাৰ অৰ্ধেকে উপগ্ৰহৰ চিত্ৰত ধৰা পৰিছে৷ বিজ্ঞানীৰ দলটোৱে ইউৰোপীয় কমিশ্যনৰ কোপানিৰ্কাছ ছেণ্টিনেল-২ ছেটেলাইটৰ ছবিবোৰ পৰীক্ষা কৰিছিল৷ ইয়াৰ পাছতে এই ছবিবোৰ মাক্সাৰ ওয়াল্ডৰ্ভিউ-৩ ছেটেলাইটৰ উন্নত মানৰ ছবিবোৰৰ সৈতে মিলি গৈছিল৷ বিজ্ঞানীসক্‌ল প্ৰথমে পক্ষীৰ বিষ্ঠা দিখি অলপ আচৰিতেই হৈছিল৷ সাধাৰণতে পেংগুইনৰ বিষ্ঠাৰ ৰং খয়াৰৰ দৰে হয়৷ বৰফ বা শিলৰ ওপৰত এই ৰং চিনাক্ত কৰা সহজ৷ ইয়াৰ পৰাই এণ্টাৰ্কটিকাত উপনিৱেশৰো অনায়াসে চিনাক্ত হৈছে৷ পশ্চিম এণ্টাৰ্কটিকাত নতুন ছাইট ভাৰ্লেগাৰ পইণ্টত প্ৰায় ৫০০ পক্ষী আছে৷ এম্পেৰৰ পেংগুইনবোৰৰ বংশবৃদ্ধিৰ বাবে সামুদ্ৰিক বৰফৰ প্ৰয়োজন হয়৷ সাধাৰণতে এইবোৰ এনে অঞ্চলত বাস কৰে, যাৰ বিষয়ে জনাটো খুব কঠিন৷ ইয়াৰ উপৰি এই অঞ্চলসমূহ বেছ দুূৰৱৰ্তী তথা অতি দুৰ্গম৷ ইয়াৰ তাপমাত্ৰা মাইনাছ ৬০ ডিগ্ৰীতকৈও কম হয়৷ বিগত ১৫ বছৰ ধৰি চলা পৰীক্ষাত ব্ৰিটিছ এণ্টাৰ্কটিক ছাৰ্ভেৰ বিজ্ঞানীৰ দলে বৰফৰ ওপৰত বিষ্ঠাৰ দাগ উপগ্ৰহৰ জৰিয়তে প্ৰত্যক্ষ কৰে আৰু ইয়াৰ মাধ্যমেৰে নতুন উপনিৱেশৰ সন্ধান লাভ কৰিবলৈ সক্ষম হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here